thumbnail

By

Published : Apr 22, 2023, 10:38 AM IST

ETV Bharat / Videos

Eid al Fitr Celebration: অনাতাঁৰ শিল্পী নেকিব আহমেদ আৰু সহযোগীৰ জিকিৰ পৰিৱেশন

যোৰহাট, 22 এপ্ৰিল: আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ–উল–ফিতৰ ৷ পৱিত্ৰ ৰমজান মাহৰ শেষত নতুন জোন দেখা মাত্ৰেই ঘোষিত হয় ‘ঈদ মোবাৰক’ৰ ৷ যোৰহাটতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ আৰু উল্লাস (Eid al Fitr Celebration) ৷

ঈদ উপলক্ষে সমগ্ৰ ৰাজ্যতে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ প্ৰতিচ্ছবি ৷ তাৰ মাজতে পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে যোৰহাটত জিকিৰ শিল্পী তথা সাংবাদিক নেকিব আহমেদ আৰু নেকিবুৰ জামানৰ জিকিৰ পৰিবেশনে বিলাইছে আন এক ভ্ৰাতৃত্ববোধৰ বাণী ৷ সমগ্ৰ ৰাজ্যতে অনাতাঁৰ শিল্পী হিচাবে পৰিচিত নেকিব আহমেদ আৰু তেওঁ সহযোগী শিল্পীসকলে শংকৰ-আজানৰ সম্প্ৰীতিৰ বাণী বিলাই জিকিৰ পৰিৱেশন কৰি আহিছে (Eid al Fitr celebrations In Jorhat) ৷  

পৱিত্ৰ ৰমজান মাহত অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ৰোজা বা উপবাস ৰাখে বহু ইছলাম ধৰ্মাৱলম্বী লোকে আৰু এই ৰোজাৰ অন্তত পালন কৰাৰ হয় পৱিত্ৰ ঈদ ৷ ৰমজান মাহ ২৯ দিনীয়া হয় বা কেতিয়াবা ৩০ দিনীয়া হয় ৷ ৰমজান মাহৰ শেষত মাজ আকাশত জোন দেখাৰ পিচতে পালন কৰা হয় অতি হেপাঁহৰ পৱিত্ৰ ঈদ ৷ 

লগতে পঢ়ক: Thiyo naam at barpeta satra : বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.