thumbnail

By

Published : Apr 22, 2023, 9:37 PM IST

ETV Bharat / Videos

Eid Ul Fitr celebration in Nalbari: প্ৰতিকূল বতৰৰ বাবে নলবাৰীত মছজিদতে ঈদৰ সমূহীয়া নামাজ কৰিলে ৰাইজে

নলবাৰী, 22 এপ্ৰিল : আজি পৱিত্ৰ ঈদ । এমাহ জোৰা ৰমজানৰ ৰোজাৰ অন্তত আজি দেশৰ লগতে ৰাজ্যতো পালন কৰা হয় ঈদ উল ফিটৰ । ৰাজ্যৰ চৌদিশে ঈদ উল ফিটৰৰ উছাহ বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে ৷ বতৰে বাধা-বিঘিনি দিছে যদিও ঠায়ে ঠায়ে হৈছে সমূহীয়া নামাজ ৷ কালি চৌদি আৰৱত ঈদ উদযাপনৰ পিচত আজি অন্যান্য দেশৰ লগতে ভাৰত তথা অসমতো উলহ মালহেৰে পালন কৰা হয় ঈদ উল ফিটৰ (Eid Ul Fitr 2023) ।

শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধৰ বাৰ্তা লৈ নলবাৰীৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰে ঈদ (Eid Ul Fitr celebration in Nalbari) । পুৱাৰ ভাগত বতৰে যদিও বিধি পথালি দিছিল ৷ পৰৱৰ্তী সময়ত উন্নত বতৰৰ বাবে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানলৈ ওলাই আহি আদায় কৰে ঈদৰ সমুহীয়া নামাজ । 

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে নলবাৰীৰো প্ৰতিটো ঈদগাহ ময়দান ঈদৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা হৈছিল যদিও নিশা আৰু পুৱা অহা ধুমুহা বৰষুণে ঈদৰ আনন্দ কিছু পৰিমাণে ম্লান কৰে (eidgah maidan in Nalbari) ৷

তাৰ মাজতে বহু স্থানত মহজিদতে সকলোৱে আদায় কৰে নামাজ । নলবাৰী ঈদগাহ ময়দানত বৰষুণৰ ফলত পানী জমা হোৱাত চহৰৰ বড়ো মহজিদতেই সকলোৱে ঈদৰ নামাজ আদায় কৰে । নামাজৰ অন্তত ইছলাম ধৰ্মী লোকসকলৰ মাজত আনন্দ উল্লাসে বিৰাজ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Sonowal Kachari Bihu: ধেমাজিত সোণোৱাল কছাৰীসকলে বিদায় জনালে ৰঙালীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.