BVFCL NAMRUP CLOSURE: ৰাজপথত জ্বলিল কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডব্যৰ পুত্তলিকা - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2023, 8:14 PM IST

ডিব্ৰুগড়, 24 জুলাই : উত্তৰ-পূৱৰ একমাত্ৰ সাৰ উদ্যোগ প্ৰতিষ্ঠান নামৰূপ সাৰ কাৰখানা বন্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ । নামৰূপ সাৰ কাৰখানাক অধিক কাৰ্য্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰে বন্ধ কৰিবলৈ লোৱাত জাঙুৰ খাই উঠিছে দল-সংগঠনৰ লগতে সচেতন ৰাইজ ।

সোমবাৰে ডিব্ৰুগড়তো ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । যুৱ-ছাত্ৰ পৰিষদৰ মধুপুৰ বগীবিল আঞ্চলিক সমিতিয়ে বগীবিলৰ ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেন্দ্ৰীয় সাৰমন্ত্ৰী মনসুখ মাণ্ডব্য়ৰ জুমুঠি দাহ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

কেন্দ্ৰীয় চৰকাৰে সাৰ উদ্যোগ প্ৰতিষ্ঠানটো বন্ধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি অতি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় তেওঁলোকে । ইয়াৰ সমান্তৰালভাৱে নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে টিংখাঙতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ।

টিংখাঙৰ কচলুপথাৰ তিনিআলিত AJYCP টিংখাং আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্য়ৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি জনায় প্ৰতিবাদকাৰীসকলে । লগতে এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : BVFCL Namrup :প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.