Dulal Manki:ঝুমুৰ সম্ৰাট পদ্মশ্ৰী দুলাল মানকিৰ জুমুঠি দাহ কৰি দুলীয়াজান আছাৰ তীব্ৰ প্ৰতিবাদ - দুলাল মানকি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:28 PM IST

দুলীয়াজান, 23 আগষ্ট : চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোক সংগীত সমূহক বিশ্ব দৰবাৰত চিনাকী কৰাবলৈ সক্ষম হৈছে দুলাল মানকিয়ে । সমগ্ৰ ভাৰতবৰ্ষতে চাহ জনগোষ্ঠীৰ ঝুমুৰ গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সক্ষম হোৱাত ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল । এই গৰাকী শিল্পী দুলাল মানকিক বাদ দি যেন চাহ জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰখন অসম্পূৰ্ণ । তেনে এগৰাকী শিল্পী এতিয়া হৈ পৰিছে জনগোষ্ঠীৰ একাংশ লোকৰ বাবে বিতৰ্কিত ব্যক্তি ।

পদ্মশ্ৰী দুলাল মানকিয়ে কেইটামান দিনৰ পূৰ্বে অসমত আদিবাসী জনগোষ্ঠী বুলি কোনো জনগোষ্ঠী নাই, আদিবাসী সকল চাহ জনগোষ্ঠীৰ লোক বুলি মন্তব্য প্ৰকাশ কৰিছিল । ইয়াৰ পাচতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আদিবাসী ছাত্ৰ সন্থাই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দুলীয়াজানৰ নাওশলীয়াত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে । আদিবাসী সকলৰ ওপৰত বিৰূপ মন্তব্য কৰা দুলাল মানকিৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই কৰিছে উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীয়ে নাওশলীয়াত দুলাল মানকিৰ পুত্তলিকাও দাহ কৰে । অতি শীঘ্ৰে দুলাল মানকিয়ে আদিবাসী সকলৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা নিবিচৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : Protest for OPS in Jonai: জোনাইত NPS কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.