AASU protest in Dhemaji:বিদ্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত উত্তাল ধেমাজি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:15 PM IST

ধেমাজি, ২৩ ছেপ্টেম্বৰঃ অসমৰ শিক্ষা বিভাগে শেহতীয়াকৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাত নামি পাৰিছে বুলি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন‌ কৰিছে ।‌‌ শিক্ষা‌ বিভাগে প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাত দেখুওৱাই বিদ্যালয় একত্ৰিকৰণৰ নামত হাজাৰ‌ হাজাৰ বিদ্যালয় বন্ধ কৰিছে ।‌ ৰাজ্যৰ বহু বিদ্যালয় বন্ধ কৰি দিয়াৰ বাবে চৰকাৰৰ যি সিদ্ধান্ত ইয়াৰ বিপৰীতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

ৰাজ্যৰ অন্য জিলাৰ লগতে শনিবাৰে বিয়লি ধেমাজি জিলাতো সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ পৰা শতাধিক কৰ্মীয়ে এক সমদল উলিয়ায় । জিলা ছাত্ৰ সন্থাই ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.