thumbnail

Assam Assembly Autumn session: নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষকৰ পদ পূৰণৰ পদক্ষেপৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:05 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: চলিত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই অসমৰ নৱোদয় বিদ্যালয়সমূহত অসমীয়া শিক্ষাৰ পাঠদান আৰু শিক্ষকৰ পদ পূৰণৰ সন্দৰ্ভত এক সংকল্প প্ৰস্তাৱ উত্থাপন কৰে ।

দেৱব্ৰত শইকীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱ অনুসৰি অসমৰ নৱোদয় বিদ্যালয়সমূহত ভাৰত চৰকাৰৰ নৱোদয় বিদ্যালয়ৰ ভাষা নীতি অনুসৰি ইংৰাজী, হিন্দী আৰু আঞ্চলিক ভাষা পাঠদানৰ যি সুবিধা আছে, সেই অনুসৰি অসমৰ সকলো নৱোদয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীলৈকে অসমীয়া ভাষা বিষয়ত পাঠদানৰ ব্যৱস্থা ল'ব লাগে ।

ইয়াৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ খালী পদসমূহ সোনকালে পূৰণ কৰিবলৈ অসম বিধানসভাত সৰ্বসন্মতিৰে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে । লগতে উক্ত প্রস্তাৱ কেন্দ্ৰীয় শিক্ষা মন্ত্রালয়লৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে । সংকল্প প্ৰস্তাৱ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিষয়টোৰ সন্দৰ্ভত সন্মতি প্ৰদান কৰে ।

লগতে পঢ়ক: Autumn session 2023: ঘেঁহু কেলেংকাৰী সন্দৰ্ভত উত্তাল বিধানসভা; চৰকাৰ মুৰ্দাবাদ ধ্বনি বিধায়ক কমলাক্ষ্যৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.