E rickshaw drivers protest : বিহপুৰীয়া পৌৰসভাৰ বিৰুদ্ধে ই-ৰিক্সা চালক সন্থাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:07 PM IST

thumbnail

বিহপুৰীয়া, 12 অক্টোবৰ : বৃহস্পতিবাৰে প্ৰতিবাদত উত্তাল হ’ল বিহপুৰীয়া ৷ বিহপুৰীয়া পৌৰসভাৰ বিৰুদ্ধে ৰাজহ চক্ৰ কাৰ্যালয় সন্মুখত এইবাৰ প্ৰতিবাদত নামিল ই-ৰিক্সা চালক সন্থা ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ, বিহপুৰীয়া পৌৰসভাই জধে-মধে ই-ৰিক্সা চালকৰ পৰা সংগ্ৰহ কৰিছে ধন ৷

বিশেষকৈ প্ৰত্যেক দিনাই 10 টকাকৈ বিহপুৰীয়া পৌৰসভাক এখন ৰিক্সাই আদায় দিয়াৰ পিচতো নীতি বৰ্হিঃভূতভাৱে বছৰত পাঁচশ টকাকৈ দিয়াৰ আন এক নিৰ্দেশনা জাৰি কৰিছে পৌৰসভাই ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বিহপুৰীয়া ই-ৰিক্সা চালকসকলে ৷

সেয়ে বিহপুৰীয়া পৌৰসভা মুৰ্দাবাদ, পৌৰপতি দীপশিখা বৰা মুৰ্দাবাদ, বিহপুৰীয়া পৌৰসভা হায় হায়, ই-ৰিক্সাৰ পৰা চলোৱা লুন্ঠন সহ্য কৰা নহ’ব আদি শ্ল’গানেৰে প্ৰায় তিনি শতাধিক চালকে ৰাজহ চক্ৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত চালক সন্থাই ৰাজহ চক্ৰ বিষয়াগৰাকীক ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে এখনি স্মাৰক পত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক : Express Train Derailed in Buxar : বিহাৰৰ বক্সাৰত লাইনচ্যুত অসম অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ , ৫ গৰাকী যাত্ৰীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.