অচিৰেই উপলব্ধ হ’ব ই-দলিল - মন্ত্ৰী যোগেন মহন - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ
🎬 Watch Now: Feature Video
চতিয়া, ১৯ জুন: ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডলসকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকীয়াই দিয়ে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে। সোমবাৰে জামুগুৰিহাটত শোণিতপুৰ জিলাৰ ভিতৰতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যমৰ চি বি এছ চি পাঠ্যক্ৰমৰ প্ৰথমখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আহি নিজৰ ভাষণত এইদৰে ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডলসকলক সকীয়নি ৰাজহ মন্ত্ৰী গৰাকীয়ে।
ভূমি সংক্ৰান্তীয় সকলো বিবাদ মীমাংসা বাবে বসুন্ধৰা-২ আঁচনিৰ জৰিয়তে সকলো কাম চলি থকাৰ সময়তে দুই এটকা পইচাৰ কাৰণে মণ্ডলসকলে মাজে সময়ে হাতদাঙি থাকিব লগা হোৱাটো অতিকৈ লজ্জাজনক বুলি অভিহিত কৰি মন্ত্ৰী যোগেন মহনে ৷ দুৰ্নীতি ৰোধ কৰাৰ বাবেই অহা দুটামাহৰ ভিতৰত ই-দলিলৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত থাকে ৷
লগতে পঢ়ক: leopard caged: নামৰূপত নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ