Durlav Gogoi facing problems : দুৰ্লভ গগৈয়ে বন্ধ কৰিলে কৰ্কট ৰোগৰ প্ৰাকৃতিক চিকিৎসা !
🎬 Watch Now: Feature Video
মৰাণ, 24 ফেব্ৰুৱাৰী : দুৰাৰোগ্য কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰোগৰ প্ৰাকৃতিক চিকিৎসক দুৰ্লভ গগৈয়ে শুকুৰবাৰ পৰা সাময়িকভাৱে বন্ধ কৰিছে চিকিৎসা সেৱা । মূলতঃ তেওঁৰ ওচৰলৈ চিকিৎসাৰ বাবে অভাৱনীয় হাৰত কেঞ্চাৰ ৰোগীৰ সোঁত বোৱাৰ বিপৰীতে চাবাচ স্নেক গ্ৰাচৰ লগতে অন্যান্য প্ৰাকৃতিক বনৌষধি উদ্ভিদৰ অভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত (Durlav Gogoi facing problems) এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে দুৰ্লভ গগৈয়ে ।
সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰোগীক এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্লভ গগৈয়ে । লগতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় বনৌষধসমূহ উপলব্ধ হ’লে পুনৰ চিকিৎসা সেৱা আৰম্ভ কৰা হ’ব বুলিও উল্লেখ কৰে প্ৰাকৃতিক চিকিৎসকগৰাকীয়ে (Durlav Gogoi stopped treatment for cancer) ।
আনহাতে, একাংশ সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হৈ থকাৰ দৰে কেৱল ‘‘চাবাচ স্নেক গ্ৰাচৰ কুমলীয়া পাত’’ সেৱন কৰিলেই কেঞ্চাৰ ৰোগ নিৰ্মূল সম্ভৱ নহয় বুলি মন্তব্য কৰে দুৰ্লভ গগৈয়ে (Assam man treats cancer) । কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কি কি ধৰণৰ বনৌষধি প্ৰয়োগ কৰা হয় এই সন্দৰ্ভত দুৰ্লভ গগৈৰ সহযোগী আদিত্য বৰাই সংবাদ মাধ্যমৰ জৰিয়তে বিতংভাৱে উল্লেখ কৰে ।
উল্লেখযোগ্য যে, প্ৰাণঘাটি কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত নিজা গৱেষণা, ঔষধ প্ৰস্তুত আৰু প্ৰয়োগেৰে বহুতৰে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত হোৱা এইজন দুৰ্লভ গগৈ (Cancer treatment in Assam) । টিংখাঙৰ নলনী-কপহুৱা গাঁৱৰ সাধাৰণ মানুহজনে কৰি দেখুৱাইছে অসাধাৰণ কাম ।
কিছু বছৰ পূৰ্বে ব্লাড কেঞ্চাৰত আক্ৰান্ত হোৱা তেওঁৰ পুত্ৰৰ চিকিৎসা কৰিছিল নিজে প্ৰস্তুত কৰা বনৌষধিয়ে । আনকি মাত্ৰ তিনি মাহৰ ভিতৰতে ব্লাড কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা দুৰ্লভ গগৈৰ একমাত্ৰ সন্তানে এতিয়া কটাইছে এক সাধাৰণ জীৱন । ইয়াৰ পিচত বহু কেইজন কেঞ্চাৰ ৰোগীক নতুন জীৱন প্ৰদান কৰিছে তেওঁৰ জীৱন দায়িনী ঔষধে ।
অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেঞ্চাৰ ৰোগীয়ে দুৰ্লভ গগৈৰ চিকিৎসা গ্ৰহণ কৰিছে । ইয়াৰে প্ৰায় 90 শতাংশ ৰোগীয়েই আৰোগ্য লাভ কৰিছে বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে ।
লগতে পঢ়ক : Cancer treatment in Assam : সমস্যাত পৰিছে কৰ্কট প্ৰতিৰোধী বনৌষধি দিয়া দুৰ্লভ গগৈ