Durga puja 2023: দুৰ্গা পূজাত গুৱাহাটীত নিৰ্মাণ ৰাম মন্দিৰ - Ram Mandir in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:56 PM IST

গুৱাহাটী, ২০ অক্টোবৰ : ৰাজ্যবাসীয়ে এইবাৰ দুৰ্গা পূজাত অনুভৱ কৰিব পাৰিব ভাৰতৰ বিভিন্ন স্থানৰ মাদকতা ৷ বিভিন্ন আৰ্হিৰে বিভিন্ন স্থানত নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ ৷ ক’ৰবাত যদি চন্দ্ৰযান-3 ক’ৰবাত আকৌ কেদাৰনাথৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ ৷

আযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে গুৱাহাটীত ৷ সুন্দৰ আলোক সজ্জাৰে চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া বৃহত্তৰ পাথৰকোৱাৰী সাৰ্বজনীন দুৰ্গাপূজা উদযাপন সমিতি । আজি ষষ্ঠীৰ দিনা দিনৰ ভাগত পূজাস্থলীৰ পৰা এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাত শিৱ, পাৰ্বতী, দুৰ্গা আদিকে ধৰি বিভিন্ন দেৱ-দেৱীৰ মানৱ মূৰ্তিয়ে অংশ গ্ৰহণ কৰে ।

এইবাৰ দুৰ্গা পূজাৰ মূল আকৰ্ষণ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা সুউচ্চ পূজা মণ্ডপ । পূজা উদযাপন সমিতিৰ সভাপতি দুৰ্গা প্ৰসাদ শৰ্মা আৰু যুটীয়া সম্পাদক মৃগেন চৌধুৰী আৰু নৱনীত জয়চোৱালৰ পৰা জানিব পৰা মতে, এইবাৰ পূজাৰ বাবে প্ৰায় ১৬ লাখ টকা ধাৰ্য কৰা হৈছে । এই বাজেটৰ ভিতৰত আকৰ্ষণীয় পূজা মণ্ডপ,পশ্চিম বংগৰ আলিপুৰদুৱাৰৰ শিল্পীৰ দ্বাৰা ঢাক-ঢোল প্ৰদৰ্শন, অষ্টমীৰ দিনা বিশিষ্ট নাগৰা শিল্পী ৰাম চৰণ ভৰালী আৰু কৈলাশ তালুকদাৰ পাঠকৰ নাম প্ৰদৰ্শন, নৱমীৰ দিনা ভজন সন্ধিয়া, ওজাপালি, ঢুলীয়া আদিকে ধৰি পূজাৰ প্ৰতিদিনেই থাকিব বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান ।

লগতে পঢ়ক : Durga puja 2023: দুৰ্গা পূজাত যাওক কেদাৰনাথ মন্দিৰ দৰ্শনলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.