thumbnail

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:36 PM IST

ETV Bharat / Videos

Durga Puja in Tinsukia: মহীশূৰ প্ৰাসাদৰ আৰ্হিৰে নিৰ্মাণ কৰা মণ্ডপে মুহিছে তিনিচুকীয়াবাসীক

তিনিচুকীয়া, 23 অক্টোবৰ : আজি মহা নৱমী ৷ মহা নৱমী উপলক্ষে ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়াও ৷ তিনিচুকীয়াতো অতি আকৰ্ষণীয়কৈ উদ্যোক্তাসকলে নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপসমূহ ৷

তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত আয়োজন কৰা 17 সংখ্যক দুৰ্গা পূজাৰ মণ্ডপেও আকৰ্ষণ কৰিছে সকলোকে ৷ চলিহা নগৰ খেলপথাৰত ঐতিহাসিক কৰ্ণাটকৰ মহীশূৰ প্ৰাসাদ (Mysore Palace) ৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে সুবিশাল মণ্ডপ | সমান্তৰালভাৱে আকৰ্ষণীয় দেৱী দুৰ্গাৰ প্ৰতিমাও ৷

সন্ধিয়া হোৱাৰ লগে লগেই বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত সমাগম হৈছে অগণন ভক্তৰ ৷ সন্ধিয়াৰ পৰা পুৱতি নিশা পৰ্যন্ত পূজাস্থলীত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা বুলি সদৰী কৰে উদ্যোক্তাসকলে ৷ তিনিচুকীয়াৰ লগতে উজনি অসমৰ ৰাইজে কৰ্ণাটকৰ ঐতিহাসিক স্থানৰ আনন্দ লৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত ৷ 

লগতে পঢ়ক : Durga Puja 2023 : চাবুৱাৰ খাৰজান চাহ বাগিচাৰ পূজাত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.