কেদাৰনাথ মন্দিৰৰ আৰ্হিত যোৰহাটত পূজা মণ্ডপ - লিচুবাৰী পূজা মণ্ডপ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 2, 2022, 1:46 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

আজি মহাসপ্তমী (Saptami puja 2022)। সপ্তমীৰ দিনটোত যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত ভক্তৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে । ব্যতিক্ৰম নহয় যোৰহাট লিচুবাৰী পূজা মণ্ডপ (Jorhat Lichubari Puja pandal)। লিচুবাৰী পূজা মণ্ডপটো এইবাৰ দেশৰ প্ৰসিদ্ধ ধৰ্মীয় স্থান কেদাৰনাথ মন্দিৰৰ আৰ্হিত সাজি উলিওৱা হৈছে (Kedarnath Puja pandal in Jorhat)। আকৰ্ষণীয় পূজা মণ্ডপটো চাবলৈ শ শ ভক্তই ভিৰ কৰা দেখা গৈছে । ইফালে ভক্তৰ সুবিধাৰ্থে যোৰহাট নগৰৰ বিভিন্ন পথত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । জানিব পৰা মতে যোৰহাট নগৰত এইবাৰ ৪৫ খন পূজা অনুষ্ঠিত হৈছে । সপ্তমীৰ দিনটোত পূজা মণ্ডপৰ উপৰিও ঐতিহাসিক দেৱালয় আৰু মন্দিৰত মাৰ আশীষ ল'বলৈ পুৱাৰে পৰা ভিৰ কৰিছে ভক্তই । এই সন্দৰ্ভত যোৰহাটৰ সংবাদদাতা জিণ্টু শইকীয়াৰ এক প্ৰতিবেদন ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.