Jorhat Durga immersion : যোৰহাটৰ পূজাডুবি ঘাটত ব্যস্ততা; চলি আছে বিসৰ্জন প্ৰক্ৰিয়া - মা দেৱী বিসৰ্জন পৰ্বত সাক্ষী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:54 PM IST

যোৰহাট, 24 অক্টোবৰ : আজি বিজয়া দশমী ৷ ম্লান পৰিল পূজা মণ্ডপসমূহ ৷ বৈদিক নীতি, নিয়ম আৰু ধৰ্মীয় পৰম্পৰাৰে আজি পুৱাৰ পৰা আৰম্ভ হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া ৷ পুৱাই শাৰী শাৰীকৈ যোৰহাটৰ পূজাডুবি ঘাটত লৈ অনা হৈছে দেৱীৰ প্ৰতিমাসমীহ ৷

অতি শৃংখলাবদ্ধভাৱে চলি আছে বিসৰ্জন প্ৰক্ৰিয়া । এইবাৰ যোৰহাটত প্ৰায় 90 খনৰো অধিক পূজাৰ আয়োজন কৰা হৈছিল আৰু ব্যক্তিগতভাৱে পূজা অনুষ্ঠিত কৰা হৈছিল । ইতিমধ্যে মা দেৱী বিসৰ্জন পৰ্বত সাক্ষী হ’বলৈ ওলাই আহিছে সহস্ৰাধিক লোক ।

বিসৰ্জনস্থলীত যাতে কোনোধৰণ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয়, তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী তথা প্ৰশাসন । কোলাত কেচুৱালৈয়ো প্ৰশাসনিক বিষয়াই দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Durga immersion in Guwahati : চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.