Durga immersion in Guwahati : চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন - ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:01 PM IST

গুৱাহাটী, ২৪ অক্টোবৰ : ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আজি বিসৰ্জন দিয়া হয় ৷ মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাটতো পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় বিসৰ্জন প্ৰক্ৰিয়া ৷ এই বিসৰ্জন নিশা ৯ বজালৈ চলিব বুলি জানিব পৰা গৈছে ।

বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যান্য ঘাটৰ দৰে জয়পুৰ নদী ঘাটতো আৰক্ষী-প্ৰশাসন, নদী আৰক্ষী মোতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয় যথেষ্ঠ সংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে ।

জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে, এইবাৰ এই ঘাটত বৰবাৰী, বামুনিমৈদাম, সাতগাঁও, হাতীগড় চাৰিআলি, খাৰঘুলি, চান্দমাৰী, গীতানগৰ, নুনমাটি, নাৰেংগী, ফৰেষ্টগেট, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ’ব ।

আজিৰ এই বিসৰ্জন কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীতা দেৱী, মধ্য আৰক্ষী জিলাৰ নুনমাটি সংমণ্ডলৰ এ চি পি বৰকিৰি তেৰাং, নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাং, নুনমাটি যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কামেশ্বৰ বৈশ্য, চৰকাৰী গাঁওপ্ৰধান জয়ন্ত দাস, চৰকাৰৰ মনোনীত অধ্যক্ষ দিলিপ টাৰো, সদস্য পবিত্ৰ দাস, ৫৬ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি ফনীধৰ দাস, ৫৫ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি হিকমত আলী, ৫৬ ৱাৰ্ড নাগৰিক সমিতিৰ উপসভাপতি বিশ্বজিত সিনহা, ঋতুপৰ্না ডেকা, ৫৭ নং ৱাৰ্ড নাগৰিক সমিতিৰ সভাপতি ৰজত সিং সম্পাদক ৰঞ্জিত পাঠক, উপসভাপতি প্ৰীতিৰেখা শৰ্মা, ৫৬ নং ৱাৰ্ডৰ পৰিষদ ৰাখি বৰা, ৫৮ নং ৱাৰ্ডৰ পৰিষদ গৌৰী বৰা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক কনিষ্ঠ আলোক কুমাৰ শৰ্মাক ধৰি আন ১০ জন সদস্য ।

লগতে পঢ়ক : Ready for Durga immersion : মহানগৰীৰ 8 টাকৈ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.