thumbnail

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:14 PM IST

ETV Bharat / Videos

মৰিগাঁৱৰ ৰাজপথত এখন বিলাসী বাহনে দুঠাইত খুন্দিয়াই আহত কৰিলে চাৰিজনক

মৰিগাঁও, ২৪ ডিচেম্বৰ: দেওবাৰে সন্ধিয়া মৰিগাঁৱৰ ৰাজপথত এখন চাৰিচকীয়া বিলাসী বাহনৰ দৌৰাত্ম্য ! এই বাহনখনে পৃথকে-পৃথকে সংঘটিত কৰিলে কেইবাটাও দুৰ্ঘটনা । মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰিগাঁও চহৰৰ মাজমজিয়াত নগাঁও দিশে গৈ থকা AS01DQ 5658 নম্বৰৰ  বাহনখনে প্ৰথমে মৰিগাঁও জিলা পুথিভঁৰালৰ সন্মুখত AS21M 0996 নম্বৰৰ এখন বাহনক পিছফালৰ পৰা খুন্দিয়াই ক্ষতিসাধন কৰে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজন আৰোহী ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, বাহনখনে প্ৰথমটো দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ সময়তে প্ৰায় ১০০ মিটাৰ দূৰত বিশাল মেগা মাৰ্টৰ সন্মুখত এজন চালকক খুন্দিয়াই ওফৰাই দিয়ে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক ৰাইজে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । আনহাতে, দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা সময়ত কিছুদূৰ যোৱাৰ পিছতেই ৰাইজে কৰায়ক্ত কৰে AS01 DQ 5658 নম্বৰৰ বিলাসী বাহনখন । পিছে বাহনখন এৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে সুৰাপায়ী চালকজনে । ইয়াৰ পিছতেই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত মৰিগাঁও সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:কি কৰিলি অ’ সোণ, ক’ত এৰি গ’লি মোক- পুত্ৰক বিচাৰি হিয়াভগা কান্দোন মাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.