Drugs seized : বঙাইগাঁৱত জব্দ প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ - ড্ৰাগছৰ বিৰুদ্ধে অভিযা
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 7:59 PM IST
মাণিকপুৰ, 24 ছেপ্টেম্বৰ: বঙাইগাঁও জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশলেৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ডাঙাইগাওঁ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দীনেশ আলী ওৰফে লেংৰা নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ।
গেৰুকাবাৰী তহলদাৰী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিনয় মালাকাৰে গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ডাঙাইগাওঁ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাতে-লোটে ধৰা পেলায় ধৃত সৰবৰাহকাৰীটোক । সৰবৰাহকাৰীজনৰ পৰা সন্দেহযুক্ত হেৰ’ইন 107.08 গ্ৰামৰ সৈতে 10 দহটা চাবোনৰ বাকচ গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।
হেৰ’ইনখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰীটো দীনেশ আলী আৰু মাণিকপুৰৰ বুলি জানিব পৰা গৈছে । ঘচনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক: Loksabha Election 2024 : ’ৰাহুল গান্ধীয়ে অসমত মূৰ ঘমাই লাভ নাই’ মন্ত্ৰী পীযুষ হাজৰীকা