thumbnail

কৰিমগঞ্জত ১০০ কোটি টকাৰ ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:12 PM IST

কৰিমগঞ্জ, ৯ জানুৱাৰী : কৰিমগঞ্জত আৰক্ষীয়ে ১০০ কোটি টকা মূল্য়ৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে । অসম আৰক্ষীয়ে পূৱ ভাৰতত একেলগে সৱাটোকৈ বেছি পৰিমানে হেৰ'ইন জব্দ কৰাৰ এইটো হৈছে প্ৰথম ঘটনা । কৰিমগঞ্জ জিলাৰ সুপ্ৰকান্দি অঞ্চলত অসম-ত্ৰিপুৰা সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰিমগঞ্জ আৰক্ষী আৰু এছ টি এফৰ যুটীয়া অভিযানত এই বৃহৎ পৰিমানৰ হেৰ'ইনখিনি জব্দ কৰা হৈছে ।  

আৰক্ষীয়ে এই অভিযানৰ সময়ত আৰক্ষীয়ে মিজোৰামৰ পৰা এমজেড 06এ 1422 নম্বৰৰ এখন বাহনৰ গোপন চেম্বাৰৰ পৰা ৫.১ কিলোগ্ৰাম হেৰ'ইন, ৬৪,০০০ টা  য়াবা টেবলেট আৰু বিদেশী চিগাৰেট উদ্ধাৰ কৰে ।  

আৰক্ষীয়ে অভিযানৰ সময়ত এগৰাকী মহিলাসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰা অভিযুক্ত কেইটা হৈছে হৈছে নুৰ আহমেদ, জোচাংলিয়ানি আৰু ৰামংঘেয়াকা । উল্লেখ্য় যে এছটিএফৰ ডিআইজি পাৰ্থ সাৰথি মহন্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে অভিযানটোৰ নেতৃত্ব দিয়ে ।

লগতে পঢ়ক:লখিমপুৰত আৰক্ষীৰ জালত তিনি গভাইত চোৰ, চুৰি সামগ্ৰী উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.