বুজন পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক - STF
🎬 Watch Now: Feature Video


Published : Nov 22, 2023, 1:08 PM IST
হোজাই, 22 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিচতো গা লৰা নাই সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ চকুত ধূলি ছটিয়াই একাংশ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে ৷
মঙলবাৰে নিশা হোজাই ৰে’ল ষ্টেচনৰ 2 নং প্লেটফৰ্মৰ সমীপত STF এ অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকৰীসহ বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি STF এ এই অভিযান চলাইছিল ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম অৰ্জুন বুলি জানিব পৰা গৈছে ৷ অৰ্জুনৰ ঘৰ লামডিঙৰ হাতীখালিত ৷
যোৱা এসপ্তাহ ধৰি হোজাইত বাহৰ পাতি আছিল ধৃত অৰ্জুনে। জব্দকৃত ড্ৰাগছখিনি বিক্ৰীৰ বাবে হোজাইলৈ আনিছিল সৰবৰাহকাৰীটোৱে । সম্প্ৰতি অৰ্জুনক অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: পুত্ৰই কোৰৰ নালেৰে মৰিয়াই হত্যা কৰিলে পিতৃক