thumbnail

Drugs peddler detained:বৰপেটাৰ জনিয়াৰ মেধিট্টাৰী গাঁৱত ৰাইজে আটক কৰিলে ড্ৰাগছ ব্যৱসায়ী

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:07 PM IST

বৰপেটা, ২৮ ছেপ্টেম্বৰ : দৈনিক ৰাজ্যত কৰবাত নহয় কৰবাত আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ ড্ৰাগছৰ কাৰবাৰত ভয়ানকভাৱে ডুব গৈছে একাংশ লোক ৷ আৰক্ষী প্ৰশাসন যদিওবা কঠোৰ হৈছে কিন্তু হাৰ মনা নাই ড্ৰাগছৰ লগত জড়িত লোকসকলে ৷ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই উঠি অহা নৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ড্ৰাগছ ব্যৱসায়ীসকলে ৷ বৰপেটাৰ জনিয়াৰ মেধিট্টাৰী গাঁৱত আটক হৈছে এটা ড্ৰাগছ ব্যৱসায়ী ৷ মেধিট্টাৰী গাঁৱৰ স্থানীয় লোকে মেধিট্টাৰীৰ বাজাৰ চ'কত আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক ৷ ৰাইজে আটক কৰা ড্ৰাগছ ব্যৱসায়ীটো মন্দিয়াৰ কপোহা গাঁৱৰ ছিদ্দিক আলী বুলি জানিব পৰা গৈছে ৷ ৰাইজে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৩ টা কন্টেইনাৰত প্ৰায় ৪৮ মিলিগ্ৰাম পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷

ইপিনে জনিয়া, বাঘবৰ বৰপেটা আদি অঞ্চলত ড্ৰাগছ ব্যৱসায়ৰ সৈতে ভোগৰান্ধা গাঁৱৰ যুৱক এজন জড়িত থকা বুলি ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে ৰাইজৰ আগত স্বীকাৰ কৰিছে ৷ ভোগৰান্ধা গাঁৱৰ জনৈক ইছলাম নামৰ যুৱক এজনে সমগ্ৰ অঞ্চলটোতে ড্ৰাগছৰ বেহা চলাই থকাৰ কথা স্বীকাৰ কৰিছে ৷ এই ক্ষেত্ৰত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Drugs Seized: ড্ৰাগছ সৰবৰাহৰ কৰিড’ৰত পৰিণত কাৰ্বি পাহাৰ; পুনৰ জব্দ 3 কোটি টকাৰ হেৰ’ইন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.