thumbnail

By

Published : Nov 24, 2022, 10:43 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Drugs seized in Cachar: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ কাছাৰ জিলাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ চহৰখনৰ মাজমজিয়াৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰিছে দুজন সৰবৰাহকাৰীক ৷ কাছাৰ থানাৰ উপ আৰক্ষী অধীক্ষক কে কে দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মঙলবাৰে নিশা শিলচৰৰ ট্ৰাংক ৰোডত অভিযান চলায় ৷ অভিযানকালত এখন বিলাসী বাহনৰ পৰা ৩০ টা চাবোনৰ বাকচত ৪০০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ৷ আটকাধীন সৰবৰাহকাৰী দুজন চেওয়াজ হুচেন মজুমদাৰ আৰু ছাহিদ মোহাম্মদ লস্কৰ বুলি জানিব পৰা গৈছে (Drugs peddler arrested in Cachar) ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.