আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত, চতিয়াৰ ইটাখোলাত ড্ৰাগছসহ এজনক আটক
🎬 Watch Now: Feature Video
চতিয়া, 30 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ যিমানে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাইছে সিমানে ইজনৰ পাচত সিজনকৈ ড্ৰাগছ সেৱনকাৰী বা ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে ৷ বুধবাৰে চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় ৷
গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ইটাখোলাৰ ব্যৱসায়িক কেন্দ্রস্থলৰ সমীপৰ পৰা ড্ৰাগছসহ ফজল আলী নামৰ লোকজনক আটক কৰে ৷ বিশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নৱ জ্যোতি দাস আৰু ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷
জানিব পৰা মতে, আৰক্ষীয়ে এখন মটৰ চাইকেল গেৰেজত তালাচী চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে গেৰেজৰ মালিক ফজল আলীক । আটকাধীন ফজলৰ পৰা এখন চুৰি বাইক উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক : শোণিতপুৰৰ ভালুকপুঙত হস্তনিৰ্মিত IED উদ্ধাৰ