ডিব্ৰুগড় : ৰাজ্যৰ সংবাদজগতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই ৷ আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মাত্ৰ ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই । জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ লগতে ৰাজ্যৰ সংবাদজগতখন । দীৰ্ঘদিন ধৰি যকৃতৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া ৷
সাহসী আৰু নিৰপেক্ষ বাতৰি পৰিৱেশনেৰে সমাজ জীৱনক সমৃদ্ধ কৰিছিল শইকীয়াই ৷ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ খবৰ নিজৰ নখ দৰ্পনত থকা বুলন কুমাৰ শইকীয়াৰ প্ৰতিটো লিখনি চৰকাৰী ব্যৱস্থাৰ বিৰুদ্ধে এক চোকা অস্ত্ৰ আছিল । ফলত বিভিন্ন সময়ত চৰকাৰৰ ৰোষতো পৰিছিল সাংবাদিকগৰাকী ।

সময় আৰু সমাজ পৰিৱৰ্তনৰ লগে লগে সংবাদ ক্ষেত্ৰখনলৈ আহিছে আমূল পৰিৱৰ্তন । তেনেদৰে বহুতে সাংবাদিকসকলৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰি কঠোৰ সমালোচনা কৰি আহিছে । ইয়াৰ মাজতো একাংশই সাংবাদিকতাক নিচা হিচাপে লৈ আপোচহীনভাৱে নিষ্ঠা আৰু সততাৰে সাংবাদিকতা কৰি নিৰ্ভীক সাংবাদিকতাৰ ধাৰাটো ধৰি ৰাখিছে ।
বৰ্তমান সময় আৰু পৰিস্থিতিত আপোচহীনভাৱে নিষ্ঠা আৰু সততাৰে সাংবাদিকতাক জীয়াই ৰখা কঠিন বুলি সমাজত এক ধাৰণা গঢ় লৈ উঠিছে যদিও একাংশ সাংবাদিকে এই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছিল । তেনে এজন নিৰ্ভীক তথা আপোচহীন সাংবাদিক আছিল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বুলন কুমাৰ শইকীয়া ।
উল্লেখ্য যে, ১৯৭৬ চনৰ ১ জানুৱাৰীত জন্ম লাভ কৰা বুলন কুমাৰ শইকীয়াই ৯০ দশকত সংবাদ ক্ষেত্ৰখনত ভৰি দি বিভিন্ন দৈনিক বাতৰি কাকতত সংবাদ সেৱা আগবঢ়োৱাৰ লগতে ২০০৮ চনত অসমৰ ব্যক্তিগত খণ্ডৰ এটি টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ পৰা বৈদ্যুতিন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল । সংবাদক্ষেত্ৰৰ উপৰিও এজন ভিক্ষুৰ জন্ম, অসম ভাৰত, দ্যা আৰকান ইন্টেল, মোৰ আইৰ নাম মিলিকি বৰুৱা নামৰ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ।
থলুৱা খাদ্যকলৈও তেওঁ গ্ৰন্থ ৰচনা কৰিছিল । মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তো তেখেতে চি-এন-চি নামৰ গ্ৰন্থ ৰচনাত ব্যস্ত আছিল যদিও গ্ৰন্থখন সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ইহলীলা সম্বৰণ কৰে । শেহতীয়াকৈ আৰাকান ইন্টেল নামৰ এখন উপন্যাস প্ৰকাশ হৈছিল । যিখন উপন্যাস পাঠকৰ মাজত ব্যাপক সমাদৃত হৈছিল ।

সামাজিক মাধ্যমতো সৰব আছিল বুলন কুমাৰ শইকীয়া ৷ চাট্যায়াৰৰ জৰিয়তে কেতবোৰ বিষয়ত ব্যংগভাৱে তীৰ্যক সমালোচনা কৰিছিল তেওঁ ৷ নিজৰ আপোচহীন সাংবাদিকতাৰ ধাৰা অব্যাহত ৰখাৰ লগতে ঘৰতে থলুৱা খাদ্য সম্ভাৰৰ এক উদ্যোগো তেওঁ গঢ়ি তুলিছিল ।
জ্যেষ্ঠ সাংবাদিক বুলন শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু শুভাকাংক্ষীয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ পিতৃ- মাতৃ, পত্নী, এগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ গৈছে ।

নাহৰকটীয়া প্ৰেছ গীল্ড, নাহৰকটীয়া ক্ৰীড়া সন্থা, যুৱ ছাত্ৰ পৰিষদ, অসম বিহু সন্মিলন, নাহৰকটীয়া প্ৰেছ ক্লাৱ, দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ আদি সংগঠনে সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধা জনায় । সাংবাদিকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমৰ জৰিয়তেও বহুলোকে শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জনায় ।
অসমৰ সংবাদ জগতৰ বহুকেইগৰাকী ব্যক্তিয়ে বুলন শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰিও ৰাজনৈতিক ক্ষেত্ৰৰো কেবাজনো নেতাই শোক বাৰ্তা প্ৰেৰণ কৰিছে ৷