ETV Bharat / bharat

ভূমিকম্পই জোকাৰি গ'ল নাগালেণ্ডৰ কিফিৰেক - EARTHQUAKE HITS NAGALAND

নাগালেণ্ডৰ কিফিৰেত ৩.৮ প্ৰাবল্যৰ ভূমিকম্প । আতংকিত অঞ্চলবাসী ।

Earthquake
ভূমিকম্পই জোকাৰি গ'ল নাগালেণ্ডৰ কিফিৰেক (ETV Bharat)
author img

By ANI

Published : Nov 28, 2024, 11:03 AM IST

কিফিৰে(নাগালেণ্ড): এক মৃদু ভূঁইকঁপ জোঁকাৰি গ'ল অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড । ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল বুলি জানিব পৰা গৈছে । সামাজিক মাধ্যমৰ জৰিয়তে নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে (NCS) এই কথা প্ৰকাশ কৰে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.২২ বজাত নাগালেণ্ডৰ কিফিৰে অঞ্চলত কম্পনটো অনুভৱ কৰা হয় আৰু ৬৫ কিলোমিটাৰ গভীৰতাত জোকাৰণি কেন্দ্ৰীভূত হয় । ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।

ভূমিকম্পৰ কেন্দ্ৰস্থল কিফিৰে

নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে এক্সৰ এটা পোষ্টত লিখিছে, "ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮, ২৮/১১/২০২৪ তাৰিখ ০৭:২২:৫৮ বজাত, অক্ষাংশ: ২৫.৬২ উত্তৰ, দ্ৰাঘিমাংশ: ৯৪.৯০ পূৱ, গভীৰতা : ৬৫ কি:মি:, অৱস্থান: কিফিৰে, নাগালেণ্ড ।"

ভূমিকম্পৰ ফলত ক্ষয়-ক্ষতি

ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰাৰ লগে লগে নাগালেণ্ডৰ কিফিৰে অঞ্চলৰ লোকসকল আতংকিত হৈ পৰা দেখা গৈছে । একাংশ লোকে ঘৰৰ বাহিৰলৈ ওলাই আহে । ইফালে প্ৰশাসনেও ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ অধিক তৎপৰতা গ্ৰহণ কৰিছে । অৱশ্যে সৌভাগ্যক্ৰমে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা হোৱা নাই । নাগালেণ্ড প্ৰশাসনেও কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই ।

মণিপুৰত ভূমিকম্প

প্ৰায় ৬ দিন পূৰ্বে অৰ্থাৎ ২২ নৱেম্বৰত উত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰত একেধৰণৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছিল । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে ২২ নৱেম্বৰৰ পুৱা প্ৰায় ৪.৪২ বজাত অহা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬ আছিল । ৰাজ্যখনৰ বিষ্ণুপুৰ আছিল ভূমিকম্পটোৰ কেন্দ্ৰস্থল । অৱশ্যে ভূমিকম্পটোৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাছিল ।

লগতে পঢ়ক :উত্তৰাখণ্ডত আছে হাঁহিব পৰা এবিধ আচৰিত গছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.