আৰক্ষীৰ জালত ড্ৰাগছ আসক্ত যুৱক আৰু ব্যৱসায়ী - Drugs peddler and addicted youth detained by in Majuli
🎬 Watch Now: Feature Video

স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতেই মাজুলী আৰক্ষীত জালত পৰিল ড্ৰাগছ আসক্ত যুৱক আৰু ব্যৱসায়ী (Drugs peddler and addicted youth detained) ৷ মাজুলীৰ মোৱামাৰি গাঁৱৰ হেম পেগু নামৰ লোকজনৰ ঘৰৰ পৰা আটক কৰা হৈছে ড্ৰাগছ ব্যৱসায়ী দিগন্ত দলেক (Drugs peddler and addicted youth detained by in Majuli)। মোঁৱামাৰিৰ হেম পেগুৰ পুত্ৰ দীপ পেগুক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোঁতেই দীপ পেগুৰ পত্নীয়ে গাঁৱৰ ৰাইজৰ সহযোগত আটক কৰে ড্ৰাগছ ব্যৱসায়ী দিগন্ত দলেক ৷ নিজ স্বামীৰ বদ অভ্যাস এৰুৱাবৰ বাবে পত্নী আৰু গাঁওবাসীয়ে ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰি নতুন বজাৰ আৰক্ষীক গতাই দিয়ে ৷ ইফালে আৰক্ষীৰ সন্মুখত ড্ৰাগছ আসক্ত দীপে ড্ৰাগছ লোৱাৰ কথা নস্যাৎ কৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST
TAGGED:
মাজুলী আৰক্ষী