Anti Drugs Mission in Nagaon: পুৰণিগুদাম আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী - নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী
🎬 Watch Now: Feature Video

পুৰণিগুদামৰ বিষয়াচুকত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী (Drugs peddler arrested at Puranigudam)। সৰবৰাহকাৰী কেইটাৰ পৰা ১৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২.২ গ্ৰাম(Drugs seized at Puranigudam) । ধৃত সৰবৰাহকাৰীকেইটা পুৰণিগুদাম ন-আলিমূৰৰ মুজাকিৰ হুছেইন আৰু আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে । এখন ইলেক্ট্ৰনিক ৰিক্সাৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা চলাওতেই কৰায়ত্ব কৰে পুৰণিগুদাম আৰক্ষীয়ে । অঞ্চলটোৰ আন কেইবাজনো যুৱক এই বেহাৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধৃত সৰবৰাহকাৰী দুটাই ।
Last Updated : Feb 3, 2023, 8:23 PM IST