thumbnail

By

Published : Jun 23, 2023, 2:16 PM IST

ETV Bharat / Videos

Drugs Seized at Manikpur : মাণিকপুৰত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

মাণিকপুৰ, 23 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্ততো সঘনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত মাণিকপুৰ থানাৰ অন্তৰ্গত শাকতোলাত মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সাহা আৰু গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিনয় মালাকাৰৰ নেতৃত্ব আৰক্ষীৰ এটা দলে চলাই এক অভিযান ৷

এই অভিযানত আৰক্ষীৰ দলটোৱে শাকতোলাৰ কাজিৰঙা হোটেলৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাজিবুল হক (22) নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰীটোৰ পৰা 1000 ড্ৰাগছৰ টেবলেট আৰু এটা ম’বাইল ফোন আৰক্ষীয়ে জব্দ কৰে ৷

লগতে পঢ়ক : Heroine Seized : 20 কোটি টকাৰ হেৰ’ইন সহ আটক 5 সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.