Drug smuggler arrested: কামপুৰ কাকতি গাঁৱত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

By

Published : Dec 17, 2022, 8:43 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

নগাঁও জিলাৰ কামপুৰ কাকতি গাঁৱত শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে(Drug smuggler arrested in Nagaon) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে আতাবুৰ ৰহমান আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা হৈছে । ধৃত সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৫৫ পাট্টা নিচাজাতীয় কেপচুল আৰু ১৭০ টা কফ চিৰাপ জব্দ কৰে । আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুটাৰ পৰা ১০ গ্ৰাম সন্দেহজনক হেৰʼইনো জব্দ কৰে(Huge cache of narcotics seized in Nagaon) । এএছপি ৰূপজ্যোতি কলিতা আৰু কামপুৰৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত ফুকনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ বৰ্তমান ধৃত লোক দুজনক জেৰা অব্যাহত ৰাখিছে কামপুৰ আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.