নতুন পৰিবহন আইনৰ বিৰোধীতাৰে নিশা চিলাপথাৰত মটৰ চালক সন্থাৰ প্ৰতিবাদ - চিলাপথাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 2:17 PM IST

জোনাই, 4 জানুৱাৰী : নতুন পৰিবহন আইনৰ বিৰুদ্ধে বুধবাৰে নিশা চিলাপথাৰটো মটৰ চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, ক’লা আইন বাতিল কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ধেমাজি জিলা মটৰ চালক সন্থাই ৷ মটৰ শ্ৰমিকৰ ওপৰত চৰকাৰে জাপি দিয়া ক’লা আইন প্ৰত্যাহাৰৰ দাবীত অসমৰ মটৰ চালক সন্থাৰ যৌথ মঞ্চৰ আহ্বানত 5 আৰু 6 জানুৱাৰীতো 48 ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰিব ৷

প্ৰতিবাদকাৰীসকলে কয়, এই আইন হ’লে লাখ লাখ চালকৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব ৷ সেয়ে এই আইন কোনোপধ্যেই মানি লোৱা নহ’ব ৷ ক’লা আইন শীঘ্ৰে উঠাই নল’লে পৰৱৰ্তী সময়ত দা, কুঠাৰ লৈ হাজিৰা কৰিম অথবা বহিঃৰাজ্যত ছুইপাৰৰ কাম কৰিব গৈ লাগিব ৷ প্ৰতিবাদকাৰীসকলে কয়, ‘‘যদি আমি লাখ লাখ টকাই দিব পাৰো তেতিয়া হ’লে কিয় আমি গাড়ী চলাম !

লগতে পঢ়ক : বুলড’জাৰৰ কোবত থানবান অবৈধভাৱে নিৰ্মিত গীৰ্জা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.