Driver killed in Karimganj: গাড়ী চুৰি চক্ৰৰ আক্ৰমণত মৃত্যু চালকৰ

By

Published : Apr 9, 2023, 11:02 PM IST

Updated : Apr 10, 2023, 3:49 PM IST

thumbnail

কৰিমগঞ্জ,৯ এপ্ৰিল: বৰাক উপত্যকাত পুনৰ সক্ৰিয় হৈ পৰিছে গাড়ী চুৰি চক্ৰ । এইবাৰ গাড়ী চোৰে হত্যা কৰি পেলাই থৈ গ'ল গাড়ী চালকক । জানিব পৰা মতে, দেওবাৰে বিয়লি একাংশ অচিনাক্ত লোকে মনি শব্দকাৰ নামৰ চালকজনৰ গাড়ী ভাড়া কৰি কটলিচেৰালৈ লৈ যায় । সেই নিশা দুষ্কৃতিকাৰীয়ে গাড়ী চালকজনক ৰক্তাক্ত অৱস্থাত কটলিচেৰাৰ গঞ্জাখৌৰী অঞ্চলৰ এক নিৰ্জন স্থানত এৰি মৃতদেহ ঢাকি ৰাখে (Murder in Karimganj) ।  

দুৰ্বৃত্তই সাৰিশা অঞ্চলৰ গাড়ী চালক মণি শব্দকাৰক হত্যা কৰি গাড়ীখন লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে চালক সন্থাই (Driver killed by car theft racket in Karimganj) । লগে লগে স্থানীয় ৰাইজ ওলাই অহাত গাড়ী এৰি পলায়ন কৰে দুৰ্বৃত্তই (Driver killed in Karimganj) । মন কৰিবলগীয়া যে, এটা সময়ত গাড়ী অপহৰণকাৰীৰ কবলত কেইবাজনো চালকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । কৰিমগঞ্জৰ এজন চালকে গাড়ী ডকাইতৰ হাতত পৰি প্ৰাণ হেৰুৱালে । ইয়াকে লৈ গাড়ী চালক সন্থাই সোমবাৰে ৰাজপথলৈ ওলাই আহি সহকৰ্মীজনৰ হত্যাৰ উচিত তদন্তৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । 

লগতে পঢ়ক: Bongaigaon weman Dhulia : কান্ধত ঢোল লৈ নাচনী নচুওৱাত ব্যস্ত হিমাশ্ৰী

Last Updated : Apr 10, 2023, 3:49 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.