ড৹ জাহ্নৱী দেৱীলৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ ড৹ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা - মামণি ৰয়ছম গোস্বামী
🎬 Watch Now: Feature Video
Published : Nov 26, 2023, 6:20 PM IST
মিৰ্জা, 26 নৱেম্বৰ : জ্ঞানপীঠ বঁটা বিজয়ী ড৹ মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত বঁটা ঘোষণা দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ ৷ দেওবাৰে সংবাদমেলযোগে "ড৹ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা"ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ৷
29 নৱেম্বৰত অনুষ্ঠিত হ'বলগা ড৹ মামণি ৰয়ছম গোস্বামীৰ দ্বাদশ মৃত্যুবাৰ্ষিকীত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ জাহ্নৱী দেৱীক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই ৷
এই বঁটাত মানপত্ৰ, গ্ৰন্থৰ টোপোলাৰ লগতে নগদ ধন আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে বিষয়ববীয়া সকলে ৷ লগতে প্ৰত্যক বছৰে ড৹ মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত নিৰ্বাচিত বিশেষ ব্যক্তিক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে বিষয়ববীয়া সকলে ৷
ইফালে বিগত 12 টা বছৰে ড৹ মামণি ৰয়ছম গোস্বামীক চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সন্থাই ৷ মিৰ্জা চানডুবি পথৰ লগতে বৰঝাৰৰ উৰণ সেতুও মামণি ৰয়ছমৰ গোস্বামীৰ নামত নামাকৰণ কৰাৰ দাবী দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই তুলিছিল যদিও আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ