Double murder case: সোণাৰিত তেজৰ ফাকু, একেদিনাই ২ টাকৈ হত্যাকাণ্ড

By

Published : Mar 8, 2023, 8:14 PM IST

thumbnail

মৰাণ, 8 মাৰ্চ: ৰাজ্যজুৰি হোলীৰ আনন্দৰ মাজতে সোণাৰিৰ বৰহাটত ২ টাকৈ হত্যাকাণ্ডৰ সংঘটিত হৈছে (Double murder case at Sonari) ৷ চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত লেফেৰা আৰু ভূঞাঁখাতত একেদিনাই সংঘটিত হৈছে ২ টাকৈ শিহৰণকাৰী হত্যাকাণ্ড (2 murder case at Sonari)।

বৰহাট থানাৰ অন্তৰ্গত লেফেৰাত ৰাম ওৰাঙৰ দাৰ ঘাপত প্ৰাণ গ’ল পুতুল গগৈ নামৰ এজন ব্যক্তিৰ । দুয়োগৰাকী ব্যক্তিয়ে লেফেৰা অঞ্চলৰ দুৰ্গা ওৰাঙৰ ঘৰত সুৰাপান কৰি থকা সময়তে হঠাৎ কাজিয়াৰ সূত্ৰপাত হোৱাত ৰাম ওৰাং নামৰ ব্যক্তিজনে চোকা দাৰে পুতুল গগৈক ঘপিওৱাৰ ফলত মৃত্যু হয় পুতুলৰ ।

আনহাতে বৰহাটৰ ভূঞাঁখাটত বিক্ৰম গোৱালাৰ চোকা অস্ত্ৰৰ ঘাপত মৃত্যু হয় অমিত তাঁতী নামৰ এগৰাকী ব্যক্তিৰ । অমিত তাঁতীক নিজ গৃহতে বিক্ৰম গোৱালাই উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে। ইতিমধ্যে হত্যাকাৰী বিক্ৰমক আটক কৰিছে বৰহাট আৰক্ষীয়ে ।

লগতে পঢ়ক: Dead body rescued: নলবাৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.