চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ক্ষতি হ’বলগীয়া ভূমি-সম্পত্তিৰ পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:17 AM IST

thumbnail

জোনাই,16 জানুৱাৰী: ধেমাজি জিলাৰ কুলাজানৰ পৰা অয়ানলৈ নিৰ্মাণৰত 515 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰ্য তীব্ৰগতিত অব্যাহত হৈছে ৷ ইয়াৰ ভিতৰতে গালী ডেপী নদীৰ পৰা জোনাই মেঞ্জেকনলালৈ চাৰিলেনযুক্ত পথটো বন্যভূমিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাত ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিচিং জাতীয় সংগঠনৰ নেতৃত্বত কেইবালানিও আলোচনাত মিলিত হৈছিল ৷ তাৰ পিচতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতি হ’ব লগা ভূমি আৰু সম্পত্তিৰ ক্ষতিপূৰণ দিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল মিচিং সংগঠনকেইটাই ।

ইয়াৰ পিচতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিপূৰণ সমিতি আৰু মিচিং জাতীয় সংগঠনৰ নেতৃত্বত গালী ডেপী নদীৰ পৰা মেঞ্জেকনলালৈ পথছোৱা বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত পৰিদৰ্শন কৰি জোখমাখ কৰা হয় । ভূমিৰ জোখমাখৰ পিচতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতি হ'ব লগা ভূমি আৰু সম্পত্তিৰ প্ৰতিবেদন উচ্চতম কৰ্তৃপক্ষক জনোৱাৰ আশ্বাস দি 17 জানুৱাৰীৰ পৰা বনভূমি জৰীপ কাৰ্য আৰম্ভ কৰাৰ আশ্বাস দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: গুৱাহাটীৰ বজাৰত সৰ্বাধিক ৫০০০ টকা দৰত বিক্ৰী হৈছে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.