Sports selection competition: সৰুপথাৰত বিভাগ ক্ৰীড়া সমাৰোহ-২০২৩ বাচনি প্ৰতিযোগিতা - All India Institute of Education

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:35 PM IST

সৰুপথাৰত,৭ ছেপ্টেম্বৰ: বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ সৰুপথাৰ সংকুলৰ উদ্যোগত আৰু সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ সহযোগত অনুষ্ঠিত কৰা হয় যোৰহাট বিভাগৰ 'বিভাগ ক্ৰীড়া সমাৰোহ- ২০২৩' প্ৰতিযোগিতা । সৰুপথাৰৰ শ্বহীদ কুশল কোঁৱৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে ১৫ খন নিকেতনৰ মুঠ ১২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় এই ক্ৰীড়া প্ৰতিযোগিতাখনি ।  

এই প্ৰতিযোগিতাত তিনিটা শাখাৰ ১৪, ১৭ আৰু ১৯ অনুৰ্দ্ধৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে যোৰহাট বিভাগৰ ৫টা সংকুলৰ ৪টা সংকুল ক্ৰমে- সৰুপথাৰ, দেৰগাঁও, গোলাঘাট আৰু মাজুলী সংকুলে যোগদান কৰে এই প্ৰতিযোগিতাত । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দৌৰ, লং জাম্প, হাইজাম্প, ডিচকাছ থ্ৰ', শ্বট পুট ইত্যাদি খেল অনুষ্ঠিত কৰি পৰৱৰ্তী নলবাৰীত অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া প্ৰতিযোগিতালৈ বাচনি কৰে ।  

উল্লেখযোগ্য যে নলবাৰীত অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া প্ৰতিযোগিতাত বাচনি হোৱা খেলুৱৈসকলক বিহাৰত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ হৈ অংশ ল'বলৈ সুযোগ লাভ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Minor house helper tortured: পুনৰ বনকৰা কিশোৰক নিৰ্যাতন গৃহস্থৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.