Anti tobacco drive: মৰিগাঁও জিলা আয়ুক্তই ৰাজপথত জ্বলালে ধঁপাত জাতীয় সামগ্ৰী - ধঁপাতৰ বিৰুদ্ধে অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-08-2023/640-480-19305593-thumbnail-16x9-drugs.jpg)
মৰিগাঁও, 19 আগষ্ট : কোনো শিক্ষানুষ্ঠানৰ এশ মিটাৰ ভিতৰত কোনো ব্যৱসায়ীয়ে বিক্ৰী কৰিব নোৱাৰিব ধঁপাত জাতীয় সামগ্ৰী । বিক্ৰী কৰিলেই ধঁপাত বিৰোধী আইনৰ অনুসৰি ভৰিব লাগিব জৰিমনা । শনিবাৰে মৰিগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ ধঁপাত জাতীয় সামগ্ৰী জ্বলায় ।
মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত শনিবাৰে মৰিগাঁও বালিকা মাধ্যমিক বিদ্যালয়ৰ চৌহদত ধঁপাতৰ বিৰুদ্ধে অভিযান চলোৱা হয় । অভিযানত ফুটপাথত থকা কেইবাখনো দোকানৰ ধঁপাত জাতীয় সামগ্ৰী জব্দ কৰি ৰাইজৰ সন্মুখতে জ্বলাই দিয়া হয় ।
মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ জয়াপ্ৰভা বড়োৰ নেতৃত্বত চলা এই ধঁপাত বিৰোধী অভিযানত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য প্ৰমুখ্যে কেইবাগৰাকী আৰক্ষী বিষয়া আৰু দণ্ডাধীশ বিষয়া ৷ এই অভিযানেৰে কেইবাজনো ব্যৱসায়ীক জৰিমনা বিহা হয় ।
লগতে পঢ়ক : Tobacco free workshop:ধঁপাত মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মৰিগাঁৱত বিশেষ কাৰ্যসূচী