thumbnail

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:37 PM IST

ETV Bharat / Videos

শিৱসাগৰত আইন-শৃংখলা ভংগৰ শংকা; বহু সংগঠনৰ নেতাক বণ্ড চাইন

শিৱসাগৰ, 21 ডিচেম্বৰ : শিৱসাগৰত আইন, শান্তি শৃংখলা ভংগ কৰাৰ শংকা প্ৰশাসনৰ ৷ সেয়ে জিলা প্ৰশাসনে শিৱসাগৰত পুনৰ অপাৰেচন বণ্ড চাইন অভিযান আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । আনকি জিলা প্ৰশাসনৰ তৰফৰ পৰা শিৱসাগৰ আটাছু, শিৱসাগৰ জিলা আৰু মহকুমা সমিতি বিষয়ববীয়ালৈ ইতিমধ্যে চমন জাৰি কৰা হৈছে ।

অভিযোগ অনুসৰি, শিৱসাগৰৰ যমুনা বেদখলমুক্ত কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ বাবেই বণ্ড চাইন বাবে হেঁচা প্ৰদান কৰিছে প্ৰশাসনে ৷ এই বণ্ডৰ দ্বাৰা শিৱসাগৰৰ বহুকেইটা দল-সংগঠনৰ নেতাক চমন জাৰি কৰি আগন্তুক দিনত কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ সকিয়নী প্ৰদান কৰা হৈছে । অন্যথা ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা 107 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব ৷

শেহতীয়া তথ্য অনুসৰি 107 চি আৰ পি চি ধাৰাত চমন প্ৰেৰণ কৰা হৈছে কেইবাজনো নেতালৈ । আজি অৰ্থাৎ বৃহস্পতিবাৰে সংগঠনৰ নেতাকেইগৰাকীক শিৱসাগৰ কাৰ্যবাহী দণ্ডাধীশ ওচৰত হাজিৰ হোৱা নিৰ্দেশ দিছিল । কিন্তু প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা চমন সংগঠনৰ নেতাকেইগৰাকীয়ে কোনোপধ্যেই মানি নলয় বুলি মন্তব্য কৰিছে ৷

জানিব পৰা মতে, প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা চমনত নাম আছে আটাছু নেতা অখিল আহোম, সুমিত কুমাৰ সন্দিকৈ, নিপু শইকীয়া, জিৎ ৰাজকোঁৱৰ, কৌশিক গগৈক, মিন্টু দুৱৰা ।

লগতে পঢ়ক : বৰগাং বন বিভাগৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.