Har Ghar Tiranga : যোৰহাট উপায়ুক্তৰ দ্বাৰা জাতীয় পতাকা বিতৰণ - হৰ ঘৰ ত্ৰিৰংগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 12, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) ৷ স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ অনুষ্ঠানত দেশৰ 75 বৰ্ষপূৰ্তিৰ শুভক্ষণত প্ৰতিগৰাকী জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকক প্ৰশাসনৰ তৰফৰ পৰা যোৰহাট জিলাৰ উপায়ুক্তগৰাকীয়ে প্ৰদান কৰে একোখনকৈ জাতীয় পতাকা (Distribution of national flag to journalists by Jorhat DC)৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৰাইজৰ জ্ঞাতাৰ্থে সংবাদ মাধ্যমৰ জৰিয়তে জনাই যে, 15 আগষ্টৰ পাচত উত্তোলন কৰা পতাকা যাতে কোনোৱে য’তে-ত’তে নেপেলায় ৷ সকলোৱে পাতাকাসমূহ পেলাই নিদি যাতে ভালদৰে ৰাখে ৷ লগতে তেওঁ কয়, ইয়াৰ উপৰিও যদি ঘৰ, ব্যৱসায় প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, তেতিয়া হ’লে পুৱা 7 বজাত উত্তোলন কৰিব লাগিব আৰু বিয়লি 5 বজাৰ লগে লগে পতাকা নমাব লাগিব ৷ সকলোৱে 13 আগষ্টৰ পৰা 15 আগষ্টলৈ এইদৰে পতাকা উত্তোলন কৰিব লাগিব । ইয়াৰ উপৰিও যিসকলে জাতীয় পতাকা উত্তোলন নকৰি কেৱল উৰুৱাই, সেইসকলেও জাতীয় পতাকা উত্তোলনৰ নিয়মসমূহ পালন নকৰিলেও হ’ব ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.