কাৰ্বি আংলঙত শ্ৰেষ্ঠতাৰ ভিত্তিত দুৰ্গা পূজা সমিতিক বঁটা বিতৰণ - কাৰ্বি আংলঙত বঁটা বিতৰণী অনুষ্ঠান
🎬 Watch Now: Feature Video


Published : Dec 11, 2023, 8:11 PM IST
ডিফু, ১১ ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি বিগত দুৰ্গা পূজাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ দুৰ্গা পূজাৰ সমিতি সমূহৰ মাজত বঁটাসমূহ বিতৰণ কৰা হয় । এই উপলক্ষে জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ পৌৰোহিত্যত ডিফু আৱৰ্ত ভৱনত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত পৌৰ বোৰ্ডৰ অধীনত বঁটাৰ বাবে নিৰ্বাচিত দুৰ্গা পূজা সমিতি সমূহৰ মাজত বঁটা সমূহ বিতৰণ কৰা হয় ।
ডিফু পৌৰ বোৰ্ডৰ অধীনত ধৰমনলা সাৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু শিতলাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে যৌথ ভাবে প্ৰথম পুৰস্কাৰ লাভ কৰে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱবাৰিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আৰু তৃতীয় পুৰস্কাৰ যৌথভাৱে লাভ কৰে বিৰলা গেট আৰু ডিফু বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে । বোকাজান পৌৰসভাৰ অধীনত প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ক্রমে ৰাধা কৃষ্ণ ঠাকুৰবাৰী, নিজৰাপাৰ আৰু বেলতলা দুৰ্গা পূজা সমিতিয়ে ।
হাওৰাঘাট পৌৰ বোৰ্ড অধীনত হাওৰাঘাট টাউন আৰু হাওৰাঘাট টাউন ৪ নম্বৰ ৱাৰ্ডে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে । তৃতীয় পুৰস্কাৰ লাভ কৰে হাওৰাঘাট নেপালীবস্তি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে । বকলিয়া পৌৰ বোৰ্ডৰ অধীনত প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বকলিযাঘাট, বকলিযাঘাট চাৰিআলি আৰু নেতাজী যুৱ সংঘ পূজা সমিতিয়ে ।
ডকমকা পৌৰবোৰ্ডৰ অধীনত ডকমকা টাউন যুৱ সংঘই প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডকমকা বাৰোৱাৰী পূজা সমিতিয়ে আৰু তৃতীয় পুৰস্কাৰ যৌথভাৱে লাভ কৰে ৰাধা চৰণ বৈষ্ণৱ আৰু ডকমকা কিশোৰ সংঘ পূজা সমিতিয়ে । লাংহিন পৌৰসভাৰ অধীনত লাংহিন বাৰোৱাৰী দুৰ্গা পূজা সমিতি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । বঁটা সমূহ প্ৰদান কৰে জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে । পূজা সমিতিৰ বিষয়ববীয়া সকলে জিলাখনত উদযাপিত প্ৰত্যেক পূজা সমিতিৰ মণ্ডপত জিলা আয়ুক্তই পৰিদৰ্শন কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে । এই অনুষ্ঠানটোত দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনত শ্রমদান কৰা ডিফু পৌৰসভাৰ ১৫ গৰাকী কৰ্মচাৰীক নগদ টকাৰে পুৰস্কৃত কৰা হয় ।
লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি NESO ৰ ক’লা দিৱস পালন