Durga puja 2023 : তিনিচুকীয়াত জীৱন্ত দুৰ্গা প্ৰতিমাই আকৰ্ষিত কৰিছে সকলোকে - labour minister in tinsukia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-10-2023/640-480-19829584-thumbnail-16x9-ujhb.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 22, 2023, 1:16 PM IST
তিনিচুকীয়া, 22 অক্টোবৰ: মহা সপ্তমীৰ নিশা তিনিচুকীয়াত জীৱন্ত মা দূৰ্গাৰ প্ৰতিমাই আকৰ্ষিত কৰিছে সকলোকে ৷ তিনিচুকীয়াৰ ৰংপুৰীয়াত থকা পৰমপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰেই সপ্তমীৰ নিশা প্ৰদৰ্শন কৰা হয় জীৱন্ত প্ৰতিমাৰ কলা ৷ ইয়াৰ পূৰ্বে বকাসুৰ বধৰ এখনি নাট প্ৰদৰ্শন কৰা হয় ৷
উক্ত অনুষ্ঠানত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ৷ পৰমপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি নিজৰ যোগ আৰু ধ্যানৰ জৰিয়তেই এই জীৱন্ত প্ৰতিমাৰ কলা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে পৰমপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সদস্যসকলে ৷
উল্লেখ্য যে, একেৰাহে 45 মিনিট সময় ধৰি জীৱন্ত প্ৰতিমা ৰাইজক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে পৰমপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সদস্যসকলে ৷
লগত পঢ়ক: Fire break out in Jania: জনীয়াত অগ্নিকাণ্ডত ভস্মীভূত 6 লক্ষাধিক টকাৰ সম্পত্তি