Social Forestry in Jonai: জোনাইত সামাজিক বনানীকৰণ কাৰ্যালয়ৰ বিধ্বস্ত ৰূপ
🎬 Watch Now: Feature Video
জোনাই, 30 মাৰ্চ: জোনাইত সামাজিক বনানীকৰণ কাৰ্যালয়ৰ পঁয়া লগা দৃশ্য ৷ গুদাম ঘৰ সদৃশ বিধ্বস্ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলিছে কাৰ্যালয়ৰ কাম-কাজ (Social Forestry Office in Jonai) ৷
চৰকাৰী কাৰ্যালয়টোত ফাইল, নথি-পত্ৰৰ সলনি আছে চিমেণ্টৰ বস্তা, ৰ’ড আদি নানা সামগ্ৰী ৷ চৰকাৰী কাৰ্যালয় নহয় যেন গুদাম ঘৰহে ৷ এই ভঙা- চিঙা, বিধ্বস্ত গুদাম ঘৰ যেন লগা চৰকাৰী কাৰ্যালয়টো হ’ল অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ বন বিভাগৰ জোনাইৰ সামাজিক বনানিকৰণ কাৰ্যালয়ৰ দৃশ্য (Social Forestry in Jonai) ৷
এই গুদাম ঘৰ সদৃশ কাৰ্যালয়টোতে দীৰ্ঘ দিনৰ পৰা চলি আহিছে কাৰ্যালয়ৰ কাম-কাজ ৷ আনহে নালাগে কাৰ্যালয়টোত কৰ্মচাৰী বহিবলৈ এখন চকীৰ অভাৱ ৷ ফলত কৰ্মচাৰী সকলে থিয় হৈয়ে কৰিবলগীয়া হয় কাৰ্যালয়ৰ কামকাজ ৷ কাৰ্যালয়ৰ নথি-পত্ৰ থবলৈয়ো নাই এটা আলমিৰা (Dismal form of Social Forestry office in Jonai) ৷ এই অভিযোগ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ ৷
এতিয়া কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ অথবা মেৰামতি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে কৰ্মচাৰীসকলে ৷