Amrit Kalah Yatra: বাক্সাত প্ৰতিটো পৰিয়ালৰ পৰা এমুঠি মাটি সংগ্ৰহত সহযোগ কৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:08 AM IST

thumbnail

বাক্সা, ২০ ছেপ্টেম্বৰ: বাক্সা জিলাৰ মুছলপুৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত মঙলবাৰে 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় ৷ 'মোৰ মাটি মোৰ দেশ' লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী অমৃত কলহ যাত্ৰা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত মাছান্দা পাৰ্টিনৰ উপস্থিতিত অনুষ্টিত সভাখনত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সভাপতি, সম্পাদকৰ লগতে আমোলা বিষয়া সকল উপস্থিত থাকে ৷

উক্ত সভাত আয়ুক্ত মাছান্দা পাৰ্টিনে 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অমৃত কলহ যাত্ৰাৰ এই বিশেষ কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে ৷ অমৃত কলহ যাত্ৰাত বাক্সা জিলাৰ অন্তৰ্গত প্ৰতিখন ৰাজহ গাঁও, পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিঘৰ পৰিয়ালৰ পৰা এমুঠি মাটি আৰু চহৰ অঞ্চলৰ পৰিয়ালৰ পৰা চাউল সংগ্ৰহ কৰিব । এই মাটি-চাউল নতুন দিল্লীত নিৰ্মাণ হ'বলগীয়া অমৃত উদ্যানত ব্যৱহাৰ কৰা হ'ব বুলি কয় আয়ুক্ত মাছান্দা পাৰ্টিনে ৷ অমৃত কলহৰ লগত সংগতি ৰাখি এক তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: Corruption in Cooperative Society: গাগলমাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.