Assam Basic Training Centre: জহি-খহি গৈছে লখিমপুৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ

By

Published : Feb 2, 2023, 3:37 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লখিমপুৰ, 2 ফেব্ৰুৱাৰী: সম্প্ৰতি ৰাজ্যৰ 19খন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ(Assam Basic Training Centre) জহি-খহি যোৱাৰ উপক্ৰম হৈছে ৷ চৰকাৰৰ অনিহাৰ বাবে এতিয়াৰ মৃত্যুৰ ক্ষণ গণিছে ৰাজ্যৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰসমূহে  লখিমপুৰত অৱস্থিত ৰাজ্যৰ দ্বিতীয়খন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰো বৰ্তমান একেই অৱস্থা ৷  

উল্লেখ্য যে, তদানীন্তত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে(Gopinath Bordoloi) প্ৰতিষ্ঠা কৰিছিল লখিমপুৰত থকা দ্বিতীয়খন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ(Lakhimpur Basic Training Centre) ৷ পিছে প্ৰতিষ্ঠাৰ 71 বছৰত অতিক্ৰম কৰাৰ পাচতো এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্তঃগাঠনিৰ একোৱেই উন্নয়ন নহ’ল ৷ লখিমপুৰ নগৰৰ সমীপৰ আজাদ এলেকাত অৱস্থিত এই বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটো ৷  

1952 চনতে এই প্ৰশিক্ষণ কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল যদিও কেন্দ্ৰটোৰ গৃহসমূহ তেতিয়াৰে পৰা মেৰামতি বা পুনঃনিৰ্মাণ কৰা হোৱা নাই । আন্তঃগাঁঠনি উন্নয়নৰ বাবেও কোনো এখন চৰকাৰেই নিৰ্ধাৰণ নকৰিলে পুঁজি ৷ যাৰ পৰিপ্ৰেক্ষিটত কেন্দ্ৰটোৰ তৰফৰ পৰা নিজা ধন ব্যয় কৰি কোনোমতে কাম চলিব পৰা কৰি ৰখা হৈছে ৷ মেৰামতিৰ অভাৱত উৱলি গৈছে কেন্দ্ৰটোৰ গৃহসমূহ(Dilapidated condition of Basic Training Centre) ৷  

শৈক্ষিক ক্ষেত্ৰৰ অন্যতম অংগ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ এনে দুৰৱস্থাৰ পাচতো চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই । ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ আমুল পৰিৱৰ্তন সাধন হৈছে বুলি চৰকাৰে ঢাক-ঢোল বজাইছে যদিও এই বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰসমূহ সম্পূৰ্ণ ৰূপে এলাগী কৰি ৰখা হৈছে ৷ যাৰ বাবে এতিয়া এই কেন্দ্ৰসমূহৰ প্ৰতি দৃষ্টি দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৰাইজে(Assam state education department) ৷

উল্লেখ্য যে, লখিমপুৰৰ এইখন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰতে সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ 17 সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনখন 17 মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে ৷ 

এইবৰ্ষত 71 বছৰত ভৰি দিয়া এই প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনখন সুকলমে পৰিচালনা কৰিবলৈ চৰণ কুমাৰ দৈমাৰীক সভপতি, ধৰ্মকান্ত গগৈক কাৰ্যকৰী সভাপতি আৰু বিপুল বৰাক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে । উদযাপন সমিতিয়ে অধিৱেশনখন সফল কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে ৷  

লগতে পঢ়ক: Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.