Bhupen Hazarika death anniversary 2023: সুধাকণ্ঠৰ মৃত্যু তিথিত এলাগী হৈ ৰ’ল ভূপেন হাজৰিকা মুকলি মঞ্চ
🎬 Watch Now: Feature Video
ধেমাজি, ৫ নৱেম্বৰ: আজি ৰাজ্যজুৰি পালন কৰা হৈছে ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ দ্বাদশ বাৰ্ষিকী মৃত্যু তিথি ৷ বিভিন্ন দল-সংগঠনৰ লগতে অনুৰাগীয়ে বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহান শিল্পীগৰাকীক ৷ পিছে এই দিনটোত এলাগী হৈ থাকিল ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ অৰুণোদয় হাইস্কুলৰ খেলপথাৰত ২০১৪-১৫ চনত অসম চৰকাৰে স্থাপন কৰা ভূপেন হাজৰিকা মুকলি মঞ্চখন ৷ পৰিতাপৰ বিষয় যে এই মঞ্চখন চোৱা চিতাৰ অভাৱত জহি-খহি গৈছে ৷
উক্ত মঞ্চখন জংঘলে আৱৰি ধৰিলে সমান্তৰালভাৱে ঠায়ে ঠায়ে পকী এৰাই যোৱা উপক্ৰম হৈছে । মঞ্চলৈ উঠা পকীৰে নিৰ্মাণ কৰা চিৰি ভাঙি গৈছে ৷ কিন্তু এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ অথবা আন সচেতন লোকে দৃষ্টি দিয়া পৰিলক্ষিত হোৱা নাই ৷ সেয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদে গণশিল্পীগৰাকীৰ স্মৃতিত নিৰ্মিত মুকলি মঞ্চখনৰ এনেদৰে অৱহেলিত হৈ থকা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতা উজ্জ্বল চুতীয়াই ভূপেন হাজৰিকা মুকলি মঞ্চখনৰ মেৰামতিৰ লগতে সংৰক্ষণৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।