ASTC Bus stand in Kharupetia: খাৰুপেটীয়াৰ পৰিবহণ নিগমৰ কাৰ্যালয়ত ওলমিছে তলা - খাৰুপেটীয়াৰ পৰিবহণ নিগমৰ কাৰ্যালয়ত ওলমিছে তলা
🎬 Watch Now: Feature Video

দলগাঁও, ১২ মে': উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা কাৰ্যালয় বৰ্তমান ভূত বাংলাত পৰিণত হৈছে (Dilapidated ASTC bus stand in Kharupetia)। দৰঙৰ খাৰুপেটীয়াস্থিত বাছ আস্থানটোৰ পঁয়ালগা অৱস্থাই উদঙাই দিছে বিভাগটোৰ ফোঁপোলা স্বৰূপ । অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই বাছ আস্থানটোৰ জহি খহি গৈছে দৰজা, খিৰিকী, টিনপাত, চিলিং আদি । নাই শৌচালয়, প্ৰস্ৰাৱগাৰ, খোৱা পানী আদিৰ ব্যৱস্থা । যাত্ৰীৰ বহাৰ বাবে নাই এখনো চকী কিম্বা বেঞ্চ আদি ।
খাৰুপেটীয়াস্থিত বাছ আস্থানটোৰ দৰজাত ওলমি আছে দুটাকৈ তলা । জহি খহি যোৱা এনে কাৰ্যালয়তে বহি দীৰ্ঘদিন ধৰি কৰ্তব্য পালন কৰিছে বিষয়া-কৰ্মচাৰীয়ে । বাছ আস্থানটোৰ যাত্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মাহিলী সংগ্ৰহ হয় ৩ লক্ষাধিক টকা । সৰ্বাধিক ৰাজহ সংগ্ৰহৰ তালিকাত থকা খাৰুপেটীয়া পৰিবহণ নিগমৰ বাছ আস্থানটো আধুনিকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নাই অসম চৰকাৰৰ বিয়াগোম বিভাগটোৰ ।
TAGGED:
ASTC Bus stand in Kharupetia