Amrit Brikshya Andolan: নাৰায়ণপুৰত অমৃত বৃক্ষ আন্দোলনৰ দিহানাম - অমৃত বৃক্ষ আন্দোলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-09-2023/640-480-19574367-thumbnail-16x9-hbs.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 21, 2023, 10:43 PM IST
বিহপুৰীয়া, 21 ছেপ্টেম্বৰ : এইবাৰ অমৃত বৃক্ষ আন্দোলনক লৈ ওলাল দিহানাম ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীয়ে ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল ৷ ৰাজ্যখনৰ জিলাই জিলাই অভিলেখ সৃষ্টিৰ উদ্দেশ্যৰে চৰকাৰী পৃষ্ঠপোষকতাত ৰোপণ কৰা হৈছিল গছ ৷
এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীক লৈয়ে ৰচনা হ’ল দিহানাম ৷ "কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, একে দিনাৰ ভিতৰতে বৃক্ষ ৰোপণ দিলা" "১০ হাজাৰ দিবা মামা, ১০ হাজাৰ দিবা, ১০ হাজাৰ নিদিলে মামা বহুত দুখ দিবা মামা-----" এইদৰে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি নাৰায়ণপুৰত এদল মহিলাই পৰিৱেশন কৰিলে দিহানাম ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙতিৰ মুকুটা গ্ৰাম্য সংগঠনে নিজে ৰচনা কৰি এই দিহানাম পৰিৱেশন কৰে ৷
লগতে পঢ়ক : Atmanirbharshil Asom Abhiyan: আপুনি কেনেকৈ লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ সুবিধা ?