Digital India Mission: নলবাৰীত ডিজিটেল সাক্ষৰতা মাহৰ কাৰ্যসূচী
🎬 Watch Now: Feature Video
মাঘ বিহুৰ মেজিৰ উমৰ পিছতে নলবাৰীত আয়োজন 'মাঘৰ এদিন' । নলবাৰীৰ এক অগ্ৰণী সংস্থাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ (Maghar adin programme in Nalbari) । নলবাৰী জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা 'মাল্টি স্কিল ডেভেলপমেণ্ট ফাউণ্ডেচন এণ্ড ট্ৰেইনিং একাডেমী'য়ে ডিজিটেল ইণ্ডিয়া মিছনৰ (Digital India Mission) প্ৰতি সঁহাৰি জনাই যুৱ সমাজক ডিজিটেলী সাক্ষৰ কৰাৰ স্বাৰ্থত নতুন বছৰৰ আৰম্ভণিতে 'ডিজিটেল সাক্ষৰতা মাহ'ৰ কাৰ্যসূচী হাতত লৈছে (Digital literacy programme in Nalbari) ।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নলবাৰী চহৰৰ কলেজ পথত সুহৃদ আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিত 'মাঘৰ এদিন' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত সংস্থাৰ সম্পাদক অভিজিত বৰ্মনে তেওঁলোকৰ মিছন সম্পৰ্কে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ।
এই অনুষ্ঠানত নাগাৰা নামৰ প্ৰবীণ শিল্পী ৰামচৰণ ভৰালী, সহকাৰী নিয়োগ বিষয়া হেমন্ত বৰা, অসম স্কীল ডেভেলপমেণ্ট মিছনৰ (Assam skill development mission) ডি পি এম টি কৈলাস ডেকা, জ্যেষ্ঠ সাংবাদিক অৰূপ কুমাৰ শৰ্মা, এম মহিবৰ ৰহমান, কমলেশ শৰ্মা, অধ্যাপক কৌশিক ডেকা, বিজেপি নেতা পুলক কুমাৰ শৰ্মা, পংকজ ডেকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস, সম্পাদক যোগেশ কলিতা, বাঁহ-বেতৰ শিল্পী দীপক বৈশ্য, খাদ্য সংসাধন কৰ্মী কাঞ্চন স্বৰ্গীয়াৰী আদি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।
কণ্ঠশিল্পী অমৰ কিৰণে আঁত ধৰা অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থাটোৰ মুখ্য সমন্বয়ক ৰাজেশ কুমাৰ মেধিয়ে এটি কবিতা আবৃত্তি কৰে । অনুষ্ঠানৰ শেষত সকলোৱে লগে-ভাগে প্ৰীতিৰে এসাঁজ খাদ্য গ্ৰহণ কৰে ।