ETV Bharat / state

মাজুলী ৰাস আৰু ১৮৫ বছৰীয়া পৰম্পৰা - MAJUL RAAS MAHOTSAV

Raas Mahotsav 2024: ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলীত ব্যাপক প্ৰস্তুতি দেখা গৈছে । সাজু হৈছে প্ৰশাসন ।

Raas Mahotsav
মাজুলী ৰাস আৰু ১৮৫ বছৰীয়া পৰম্পৰা (ANI)
author img

By ANI

Published : Nov 9, 2024, 10:50 AM IST

মাজুলী : বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ হৈছে অসমৰ মাজুলী । এই মাজুলীৰ অন্যতম পৰিচয় হৈছে ইয়াৰ সত্ৰ আৰু ৰাস । মাজুলীত অনুষ্ঠিত ৰাস মহোৎসৱ বিশ্বজুৰি চৰ্চিত এক বিষয় । ১৫০ৰো অধিক বছৰ ধৰি ৰাসলীলা বা ৰাস মহোৎসৱ উদযাপন হৈ আহিছে সত্ৰনগৰী মাজুলীত ।

প্ৰতিবছৰৰ দৰে এইবছৰো ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাস মহোৎসৱ । যাক লৈ ব্যাপক প্ৰস্তুতি চলিছে । প্ৰতিখন সত্ৰতে ৰাসৰ প্ৰস্তুতিৰ সমান্তৰালকৈ ৰাসলীলাৰ আখৰাও চলি আছে । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰই এইবাৰ ৰাস মহোৎসৱ উদযাপনৰ ১৮৫ বছৰ পূৰ্ণ কৰিব । যিয়ে মাজুলীবাসীৰ ভক্তি আৰু সাংস্কৃতিক অনুষ্ঠানৰ স্থায়ী উত্তৰাধিকাৰৰ প্ৰমাণ হিচাপে কাম কৰিছে ।

ৰাসৰ প্ৰস্তুতি

এই শুভক্ষণত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ নানী গোপাল দেৱ গোস্বামীয়ে কয়, "আমি 'ৰাস' শব্দটো শুনাৰ লগে লগে গোপীসকলৰ সৈতে নৃত্য কৰা ভগৱান কৃষ্ণক কল্পনা কৰো । ৰাসৰ আৰম্ভ বৃন্দাবনৰ পৰা আহিছিল । পিছলৈ 'কেলি গোপাল' নাটকৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাসক নৱ-বৈষ্ণৱী ধৰ্মত পৰিচয় কৰাই দিয়ে ।’’

‘‘দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ বাসুদেৱ প্ৰভুৱে ভগৱান কৃষ্ণৰ জন্মৰ পৰা শংখচূড়ৰ মৃত্যুলৈকে সমগ্ৰ জীৱন ৰচনা কৰা এখন নাটক অন্তৰ্ভুক্ত কৰিছিল । এই পৰম্পৰা অব্যাহত আছে আৰু আমি এতিয়া ১৮৫ বছৰত ভৰি দিছো ।" গোস্বামীয়ে কয় ৷

তেওঁ কয় যে নাটকখন তিনিটা অধ্যায়ত বিভক্ত । শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ হয়, তাৰ পিছত বৃন্দাবনত কৃষ্ণক দেখুওৱা হয় আৰু অৱশেষত গোপীসকলৰ সৈতে কৃষ্ণৰ লীলাক চিত্ৰিত কৰা হয়, শংখচূড়ৰ মৃত্যুৰে সমাপ্ত হয় । তেওঁ উল্লেখ কৰা মতে এই নাট প্ৰদৰ্শন ১০ ঘণ্টা ধৰি চলে ।

সত্ৰাধিকাৰে কয়, "আমি মহাপ্ৰভুক 'দোলা'ত বাহিৰলৈ লৈ যাও আৰু তেওঁক এক কাল্পনিক বৃন্দাবনত ৰাখো । পৰৱৰ্তী নিশা নাটকখন পৰিৱেশন কৰা হয় । তাৰ সমান্তৰালকৈ ধৰ্মীয় ৰীতি-নীতিসমূহো চলি থাকে । তৃতীয় দিনা ইন্দ্ৰ অভিষেকক নৃত্যৰ জৰিয়তে উপস্থাপন কৰা হয় । এই নাটৰ শিল্পীসকল হৈছে সত্ৰৰ ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকল ।’’

‘‘অতি ভক্তিৰে এই ৰাস মহোৎসৱ উদযাপন কৰা হয় । এইবাৰ ১০,০০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছো । ১৮৫ বছৰৰ পৰা একেখন নাটকে পৰিৱেশন কৰি থকা হৈছে । তাত এটা শব্দও সলনি কৰা হোৱা নাই । অৱশ্যে, কিছুমান বাহ্যিক পৰিৱৰ্তন কৰা হৈছে ।" তেওঁ কয় ৷

মাজুলীৰ মুখাশিল্প

মাজুলীৰ ৰাসৰ লগতে আন এক পৰিচিত বস্তু হৈছে মুখাশিল্প । মাজুলীৰ চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত । ৰাস প্ৰদৰ্শনৰ বাবে ইয়াত মুখাসমূহ নিৰ্মাণ কৰা হয় । বাণিজ্যিক উদ্দেশ্য পূৰণৰ বাবেও মাজুলীত মুখা নিৰ্মাণৰ পৰম্পৰা অব্যাহত আছে । যাৰ বাবে শিল্পীসকলে উৎসৱৰ বাহিৰেও আন সময়তো শিল্পকৰ্মক ধৰি ৰাখিব পাৰে ।

লগতে পঢ়ক : ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

মুখাশিল্পৰ সৈতে জড়িত পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত কয়, "মাজুলীত ৰাস এক অতি গুৰুত্বপূৰ্ণ উৎসৱ । ৰাসত মুখাবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ৰাসলীলা প্ৰদৰ্শনত ৰজা কংস, ৰাক্ষস সভাসদ, অসুৰ, জন্তু আৰু অন্যান্য ৰাক্ষস চৰিত্ৰৰ দৰে চৰিত্ৰবোৰ জীৱিত কৰি তোলে । কিছুমান চৰিত্ৰ যেনে অঘাসুৰ, বকাসুৰ, ধনুকাসুৰ আৰু কালিয়া নাগ আদিৰ মুখাবোৰ উৎসৱৰ বাবে অত্যাৱশ্যকীয় হৈ পৰে । আমি এই বছৰ বহু সংখ্যক দৰ্শনাৰ্থী আশা কৰিছো ।"

প্ৰস্তুতি আৰু পৰ্যটকৰ বাবে সুৰক্ষা ব্যৱস্থা

তেওঁ লগতে কয়, "ৰাসৰ দুটা মুখ্য অংশ আছে : এটাত বৃন্দাবনত ভগৱান কৃষ্ণক দেখুওৱা হয় আৰু আনটো গোপীসকলৰ সৈতে ভগৱান কৃষ্ণৰ লীলা দেখুওৱা হয় । মুখা দুয়োটা অংশৰ বাবে গুৰুত্বপূৰ্ণ । ৰাস মহোৎসৱ চমু চাপি অহাৰ লগে লগে আমাৰ ব্যস্ততা বাঢ়ি যায় । ৰাক্ষস বা অসুৰ চৰিত্ৰৰ বাবে পিন্ধা মুখাবোৰৰ মূল্য প্ৰায় ৩,৫০০ টকা হয় । আনহাতে বকাসুৰ আৰু অঘাসুৰৰ দৰে জন্তু বা চৰাইৰ দৰে মুখা অধিক ব্যয়বহুল হয় । যাৰ মূল্য ১৫,০০০ৰ পৰা ২০,০০০ টকালৈকে হয় ।"

এইবাৰ মাজুলীৰ ৰাস মহোৎসৱত প্ৰায় ৫০,০০০ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে । যাৰ বাবে জিলা প্ৰশাসনে দৰ্শনাৰ্থীৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰস্তুতি চলাইছে । সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ বাহিৰৰ পৰাও অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে ।

মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে সংবাদ মাধ্যমক কয়, "আমি আগন্তুক ৰাস মহোৎসৱৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছো । ১৫, ১৬ আৰু ১৭ নৱেম্বৰত এই ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব । প্ৰতি বছৰে আমি বিদেশী আৰু ঘৰুৱা দুয়োধৰণৰ বৃহৎ সংখ্যক পৰ্যটকক আদৰণি জনাই আহিছো ।"

জিলা আয়ুক্তগৰাকীয়ে কয় যে পৰ্যটকৰ আগমনৰ মুখ্য স্থান নিমাতী ঘাট, কমলাবাৰী ঘাট আৰু আফলামুখ ঘাটকে ধৰি সকলো গুৰুত্বপূৰ্ণ প্ৰৱেশ পথত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে মাজুলীৰ ভিতৰত দৰ্শনাৰ্থীসকলৰ বাবে এক আৰামদায়ক অভিজ্ঞতা নিশ্চিত কৰাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় ব্যৱস্থা যেনে শৌচালয় আৰু অন্যান্য সুবিধা কৰিছো । মাজুলীত এই বছৰ মুঠ ৬৫ খন সত্ৰই ৰাসৰ বাবে প্ৰস্তুতি চলাই আছে ।

লগতে পঢ়ক :ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল

লগতে পঢ়ক : নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি, ৰাসলৈ আহিব ৰাম-সীতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.