DU Ragging incident update; ৰাহুল ছেত্ৰীক আশ্ৰয় দিয়া সকলো তদন্তৰ আওতালৈ আহিব: শ্বেতাংগ মিশ্ৰ

By

Published : Dec 5, 2022, 8:02 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

আঠটা দিনে ডিব্ৰুগড় আৰক্ষীৰ মূৰৰ কামোৰণি হৈ থকা ৰাহুল ছেত্ৰীয়ে সোমবাৰে পুৱা লেখাপানী থানাত আত্মসমৰ্পণ কৰে (Rahul Chetry surrendered)। ইয়াৰ পাছতে ৰাহুল ছেত্ৰীক লৈ যোৱা হয় ডিব্ৰুগড় আৰক্ষী থানালৈ ৷ জানিব পৰা মতে, অৰুণাচলত আত্মগোপন কৰি আছিল ৰাহুল ছেত্ৰীয়ে । ৰেগিংকাণ্ডৰ পাছতে ৰাহুল ছেত্ৰীয়ে পলায়ন কৰিছিল অৰুণাচললৈ । নামচাইৰ এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল ৰাহুলে । দুদিনৰ মূৰে মূৰে স্থান সলনি কৰিছিল ৰাহুলে । অৰুণাচলৰ খাৰচাঙত যোৱা নিশা কটাই ৰাহুলে পুৱাই লেখাপানী থানাত আত্মসমৰ্পণ কৰে (Rahul Chetry arrested)। আত্মগোপন কৰাৰ পূৰ্বেই সংবাদ মাধ্যমত ৰেগিঙেৰে জড়িত নহয় বুলি মন্তব্য কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে । ইফালে ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ আনি পাঁচ দিনৰ জিম্মাত লয় ৰাহুল ছেত্ৰীক (Rahul Chetry in police custody) । ৰাহুল ছেত্ৰীক আশ্ৰয় দিয়া সকলো তদন্তৰ আওতালৈ আহিব বুলি সদৰী কৰে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই । লগতে ৰাহুল ছেত্ৰীক জেৰা চলোৱাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ প্ৰকৃত দোষী পোহৰলৈ আহিব বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.