ETV Bharat / state

চামগুৰি আমাৰ বাবে অতি কঠিন আছিল; নৱ-নিৰ্বাচিত তিনি বিধায়কক সম্বৰ্ধনা জনাই ক'লে মুখ্য়মন্ত্ৰীয়ে - BJP MLAS FELICITATED

পৰাজয় নিশ্চিত আছিল যদিও দলৰ বাবে খেলিব লাগে বুলি কাক কৈছিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

BJP MLAs felicitated at bjp headquarter
বিজেপিৰ তিনি নৱ নিৰ্বাচিত বিধায়কক সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 10:19 PM IST

গুৱাহাটী: পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্রজোঁটে জয় সাব্যস্ত কৰাৰ পাছতে এই সমষ্টিকেইটাৰ প্ৰতিজন ভোটাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই জয়ৰ পাছতে আজি মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ তিনিওগৰাকী নৱনিৰ্বাচিত বিধায়কক সম্বৰ্ধনা জ্ঞাপন কৰে ।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিহালীৰ দিগন্ত ঘাটোৱাল, চামগুৰিৰ দিপ্লু ৰঞ্জন শৰ্মা, ধলাইৰ নিহাৰ ৰঞ্জন দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । নৱনিৰ্বাচিত বিধায়ক তিনিগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "চামগুৰি আমাৰ বাবে অতি কঠিন আছিল । টিকট দিয়াৰ দিনাও অলপ সময়ৰ বাবে আসনখনত জয়ী হ'ব পাৰিম বুলি ভৱা নাছিলো ।"

বিজেপিৰ তিনি নৱ নিৰ্বাচিত বিধায়কক সম্বৰ্ধনা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "অসমত যেতিয়া চৰকাৰী আঁচনি ৰূপায়ণ কৰোঁ, আঁচনিৰ দ্বাৰা যাতে সুফল পাব পাৰো তাত আমি ধৰ্ম নিবিচাৰো । আমাৰ নীতিৰ আধাৰত কাকো তুষ্টিকৰণ নকৰো । আমাৰ নীতি অনুসৰি ৰাষ্ট্ৰ সম্পদৰ প্ৰথম অধিকাৰ দৰিদ্ৰজনৰ । লোকসভাত কৰিমগঞ্জ এটা অসম্ভৱ সমষ্টি হিচাপে মানি লৈছিলো । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি ভোট বিভাজনত নহয়, সকলো ধৰ্মৰ ভোটেৰে জয়ী হ'বলৈ সক্ষম হৈছিলো । ক'ৰবাত যদি মুখ্যমন্ত্ৰীৰ ল'ৰা জয়ী হয় টেলিভিছনত বেছি সময় দেখুৱাই । বিজেপি সাধাৰণ লোকৰ ঘৰ, সাধাৰণ ব্যক্তি এজন জয়ী হোৱাটো আমাৰ লক্ষ্য ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কৰিমগঞ্জত আমি পোৱা সফলতাৰ এক সম্প্ৰসাৰণ চামগুৰিত । আমাৰ দলৰ কৰ্ম পদ্ধতিৰ পৰিৱৰ্তন ক'তো কৰা নাই । ২০১৬ চনত যিখন পঞ্চায়তত জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাব গৈছিলো প্ৰাণ হাতত লৈ আহিছিলো, আমাৰ লগত যোৱা কেইবাজনো আঘাতপ্ৰাপ্ত হৈছিল । এদিন লাঠি লৈ মাৰিবলৈ ওলাই অহা স্থানত এতিয়া আশাৰ সঞ্চাৰ আহিছে, সেয়েহে ফলাফল এয়া হৈছে । তুমি হাৰিবা, কিন্তু দলৰ বাবে খেলিব লাগে বুলি মই দিপ্লু ৰঞ্জনক কৈছিলো ।"

বিহালীৰ শিপা বিজেপিৰ লগত জড়িত :

ইফালে, বিহালী প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিহালীত এটা বিশেষত্ব আছিল চাহ বাগিচাৰ চকীদাৰৰ সন্তানক টিকট দিয়া হৈছিল । পূৰ্বে টিকট নিদিয়াৰ পিচতো দলত অসন্তুষ্ট হোৱা নাছিল । ৰাজ পৰিয়ালৰ ল'ৰাই প্ৰচাৰ চলাইছিল, সেয়া প্ৰচাৰেই হ'ব নালাগিছিল, চাহ বাগিচাৰ লাইনৰ ল'ৰাই নিৰ্বাচন খেলিছে সেয়াহে হ'ব লাগিছিল । বিহালীৰ শিপা বিজেপিৰ শিপাৰ লগত জড়িত আছে ।"

ৰাজ পৰিয়ালৰ সন্তান নহয় নিহাৰ ৰঞ্জন দাস :

ধলাই সমষ্টি সন্দৰ্ভত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাজ পৰিয়ালৰ সন্তান নহয় নিহাৰ ৰঞ্জন দাস । আমাৰ তিনিজন পিতৃৰ নাম আমি নাজানো, কিন্তু আটাইকেইজনৰ পিতৃ আমাৰ শ্ৰদ্ধাৰ । আমাৰ প্ৰধান মন্ত্ৰীয়ে চাহ বিক্ৰী কৰিছিল, আমাৰ প্ৰধানমন্ত্ৰী আদৰ্শ ।" সাধাৰণ পৰিয়ালৰ ব্যক্তিক অসাধাৰণ কৰাৰ চেষ্টা বিজেপিত বুলি ভাষণ প্ৰসংগত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগুৰ উপৰি কেইবাগৰাকীও নেতা কৰ্মী ।

লগতে পঢ়ক: বিফলতা অহা দিনৰ সফলতাৰ বুনিয়াদ : কি প্ৰসংগত ক'লে মুখ্যমন্ত্রীয়ে

ঝাৰখণ্ডত বিজেপি জিকিব বুলি কেতিয়াও দাবী কৰা নাছিলোঁ: হিমন্ত বিশ্ব শৰ্মা

গেৰুৱা হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ : চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাই উৰুৱালে বিজয় ধ্বজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.