গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী - তিৱা স্বায়ত্তশাসিত পৰিষদ
🎬 Watch Now: Feature Video


Published : Dec 2, 2023, 8:15 PM IST
মৰিগাঁও, ২ ডিচেম্বৰ : মৰিগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে হীৰক জয়ন্তী মহোৎসৱ । মৰিগাঁও জিলাৰ অন্যতম চৰকাৰী শিক্ষানুষ্ঠান গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৬০ বছৰ গৰকা উপলক্ষে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে হীৰক জয়ন্তীৰ বৰ্ণিল কাৰ্যসূচী ।
শনিবাৰে পুৱা ভাগত তোৰণ উন্মোচন কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাহেন্দ্ৰী দেবীয়ে । পৰবৰ্তী পৰ্যায়ত ৬১ খন পতাকা উত্তোলনৰে মুল কাৰ্যসূচী আৰম্ভ হয় । হীৰক জয়ন্তীৰ তিনিদিনীয়া কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব অতিৰিক্ত আৰক্ষী সঞ্চালক, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । তদুপৰি তিনিও দিনৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব তৰালী শৰ্মা, কৃষ্ণমণি চুতিয়া, সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ।
লগতে পঢ়ক:ভূপেন বৰাক সন্তুষ্ট কৰিবলৈ লুৰীণজ্যোতিৰ নিকৃষ্ট মন্তব্য: বিজেপি