ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - বৰনামঘৰ পৰিচালনা সমিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-01-2024/640-480-20403721-thumbnail-16x9-fake.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 1, 2024, 2:48 PM IST
টীয়ক, 1 জানুৱাৰী : আজি পহিলা জানুৱাৰী। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি । সকলো এতিয়া ব্যস্ত নতুন বছৰটোক আদৰাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত নিজৰ পৰিয়াল আত্মীয়-কুটুম্বৰ সৈতে আনন্দৰে এসাজ খোৱাত ব্যস্ত ৰাইজ । অৱশ্যে বনভোজৰ সমান্তৰালকৈ আজি পহিলা জানুৱাৰীৰ পুৱা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ তথা পবিত্ৰ স্থানতো ৰাজ্যবাসীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
এয়া টীয়কৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ । পুৱাৰে পৰা উজনি অসমৰ বিভিন্ন স্থানৰ পৰা জাতি-ধৰ্ম নিৰ্বিশেষে ভকত বৈষ্ণৱ এই তীৰ্থস্থানলৈ অহা পৰিলক্ষিত হৈছে । হাতে হাতে ধূপ, চাকি, শৰাই, নৈবদ্য লৈ গুৰুজনাৰ চৰণত আগন্তুক বছৰটো যাতে কুশল মংগলেৰে পাৰ হয় তাৰ কামনাৰে সেৱা লৈছে ভক্তপ্ৰাণ ৰাইজে ।
ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজিৰ এই বিশেষ দিনটোত সমূহ অসমবাসীৰ হৈ অক্ষয় বন্তিত তেল, এখনি শৰাই আগবঢ়াই সকলোৰে কুশল কামনা কৰিছে ৷
লগতে পঢ়ক: নতুন বছৰত ন-উদ্যমেৰে কাম কৰিব অসম গণ পৰিষদে